পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


হৈছে। গীতাত কৈছে যে নিৰ্গুণ সাধকসকলেও ভগৱানক পায় হয় কিন্তু তেওঁলোকৰ পথ অতি ক্লেশকৰ।

“ক্লেশোহধিকতবস্তেষামব্যক্তাসক্তচেতসাম্।
অব্যক্তা হি গতিৰ্দুঃখং দেহবন্তিৰবাপ্যতে॥” গীতা।

 গীতাই কৰ্ম্মবাদীক কয়, তোমাৰ সকলো কৰ্ম্ম ঈশ্বৰত অৰ্পণ কৰাঁ;ফল কামনা এৰি কৰ্ত্তৃত্ব ভাব এৰি কৰ্ম্ম কৰাঁ, অৰ্থাৎ কৰ্ম্ম সন্ন্যাসৰ আৱশ্যক নাই, কিন্তু কৰ্ম্মফল সন্ন্যাসৰ সম্পূৰ্ণ আৱশ্যক। ঈশ্বৰমুখী হৈ কৰ্ম্ম কৰাঁ। গীতাই সাংখ্যবাদীক কয়, তোমাৰ তত্ত্বজ্ঞান কেৱল অনাদি অনন্ত ভগৱানৰ স্বৰূপ জ্ঞান, তোমাৰ প্ৰকৃতি কিম্বা পুৰুষ স্বতন্ত্ৰ নহয়, উভয়ে ঈশ্বৰৰ অধীন;ঈশ্বৰ সাধনা নহলে তোমাৰ কৈবল্য লাভ নহয়। গীতাই যোগ মাৰ্গাৱলম্বীক কয়, ঈশ্বৰত চিত্ত সংযোগেই তোমাৰ যোগৰ মুখ্য উদ্দেশ্য। এই যোগৰ ফল যে নিৰ্ব্বীজ সমাধি বা আত্ম সাক্ষাৎকাৰ মাত্ৰ এনে নহয়, এই যোগৰ ফল ঈশ্বৰৰ সঙ্গ লাভ। মুঠতে দেখা যায় যে গীতাত কৰ্ম্মযোগ, ধ্যানযোগ,জ্ঞানযোগ সকলো ভক্তিমূলক কৰি ভক্তিযোগৰে প্ৰাধান্য দেখুৱাইছে। এয়ে হে গীতাৰ পূৰ্ণধৰ্ম্মৰ তাৎপৰ্য্য। যদি কোনোবাই বুজে যে গীতাৰ পূৰ্ণধৰ্ম্ম নিৰীশ্বৰবাদী, ঈশ্বৰবাদী সকলো দৰ্শনৰ ভিন্ন ভিন্ন মত ৰাখিছে, আগম, নিগম, প্ৰবৃত্তি, নিবৃত্তি সকলো পন্থৰ ধৰ্ম্ম সত্য বুলি স্থিৰ কৰিছে,তেন্তে সেই বুজা ভুল বুজা। বৈদিক যুগৰ ইন্দ্ৰ, বৰুণ, উষা আদি নৈসৰ্গিক শক্তিৰ আৰাধনা (Nature worship), দাৰ্শনিক যুগৰ গুঢ় আধ্যাত্মিক তত্ত্বমূলক ধৰ্ম্ম ( Rationalism) অদ্বৈতবাদ আৰু মায়াবাদ (Idealism),বৌদ্ধযুগৰ শূন্যবাদ(Ninilism), পৌৰাণিক যুগৰ ভক্তিযোগ(Imotionelism ), তান্ত্ৰিক যুগৰ নিৰৰ্থক ঈশ্বৰবিমুখী ক্ৰিয়াকাণ্ড ( Ritualism ),আৰু ধৰ্ম্মহীন এন্ধাৰ যুগৰ হিন্দুশাস্ত্ৰৰ দোহাই দি কৰা ভূত, ভৈৰব শিল,গছ আদিৰ পূজা, আৰু বিভৎস আচাৰ (Feticism and Sensualism) এই সকলোবিলাক যদি পূৰ্ণধৰ্ম্মৰ অঙ্গ হয় তেন্তে এনে ধৰ্ম্ম মানি চলা অসম্ভব।

 কোনো কোনোৱে কয় যে পূৰ্ণ হিন্দুধৰ্ম্মৰ এভাগ সত্য বুলি মানি বাকি ভাগ অসত্য বা অসাৰ বুলি ধৰা সাম্প্ৰদায়িকতাৰ দোষ। অভ্ৰান্ত শাস্ত্ৰৰ খাতিৰত পুৰণিকলীয়া মত আৰু বিশ্বাসৰ প্ৰতি শ্ৰদ্ধাৰ খাতিৰত এনে লোকে পৰস্পৰ বিৰুদ্ধ ধৰ্ম্মমতৰ ভিতৰত এক প্ৰকাৰ মিলন বা সন্ধি