“মন্মনা ভব মদ্ভক্তো মদযাজী মাং নমস্কুৰু।
মামেবৈষ্যসি যুক্তৈব মাত্মানং মৎপৰায়ণঃ॥”
“নচ্চিত্তা মদ্গতপ্ৰাণা বোধয়ন্তঃ পৰস্পৰম।
কথয়ন্তশ্চ মাং নিত্যং তুষ্যক্তি চ ৰমন্তি চ॥”
“তমেব শৰণংগচ্ছ সৰ্ব্বভাবেন ভাৰত।
তৎ প্ৰসাদাৎ পৰাং শান্তিং স্থানং প্ৰাস্প্যসিশাশ্বতম॥”
যোগিনামপি সৰ্ব্বেষাং মদ্গতেনান্তৰাত্মনা।
শ্ৰদ্ধাবান্ ভজতে যো মাংস মে যুক্ততমো মতঃ॥”
“মৎকৰ্ম্মকৃন্মৎপৰমো মদ্ভক্তঃ সঙ্গবৰ্জ্জিতঃ।
নিৰ্ব্বৈৰঃ সৰ্ব্বভূতেষু যঃ স মামেতি পাণ্ডব॥”
“যে তু সৰ্ব্বাণি কৰ্ম্মাণি ময়ি সংন্যস্য মৎপৰাঃ।
অনন্যেনৈব যোগেন মাং ধ্যায়ন্ত উপিসতে॥
তেষামহং সমুদ্ধৰ্ত্তা মৃত্যুসংসাৰসাগৰাৎ।
ভবামি ন চিবাৎ পাৰ্থ! ময্যাবেশিতচেতনাম॥”
“ময্যেব মন আধৎস্ব ময়ি বুদ্ধিং নিবেশয়।
নিবসিষ্যসি ময্যেব অত উৰ্দ্ধং ন সংশয়ঃ॥”
“মাঞ্চ যোহব্যভিচাৰেণ ভক্তিযোগেন সেবতে।
স গুণান্ সমতীত্যৈতান্ ব্ৰক্ষ্মভুয়ায় কল্পতে॥”
“যো মামেবমসংমুঢ়ো জানাতি পুৰুষোত্তমম্।
স সৰ্ব্ববিদ্ ভজতি মাং সৰ্ব্বভাবেন ভাৰত॥” -গীতা।
মাধৱদেৱৰ ঘোষাত গীতাৰ এইবিলাক শ্লোকৰ সুন্দৰ মৰ্ম্ম পোৱা যায়। এক-শৰণেই গীতাৰ মূল শিক্ষা। এয়ে বিশ্বাসৰ ধৰ্ম্ম, ভক্তিৰ ধৰ্ম্ম, একশৰণ ধৰ্ম। ইয়াতকৈ আৰু উচ্চ শিক্ষা গীতাত আছে এনে মনে নধৰে।
গীতাত কৰ্ম্মযোগ, জ্ঞানযোগ, ধ্যানযোগ আৰু ভক্তিযোগ এক অপূৰ্ব্ব সামঞ্জস্য কৰা হৈছে। হিন্দুদৰ্শন এটাইবিলাক দুখবাদৰ ওপৰত নিৰ্ভৰ কৰে। ঐকান্তিক দুখ নিবৃত্তিয়েই জীৱৰ ধৰ্ম আৰু পুৰুষাৰ্থ, এয়ে হিন্দু- দৰ্শনৰ মুল শিক্ষা যেন বোধ হয় আৰু এয়ে পাশ্চাত্যসকলৰ Hedonism নিচিনা শিক্ষা। পুৰ্বেই দেখুৱা হৈছে যে নিৰীশ্বৰবাদী মীমাংসকসকলৰ মতে বেদৰ কৰ্মকাণ্ডই ঘাই, জ্ঞানকাণ্ড অনাৱশ্যকীয়। বেদবিহিত কৰ্ম্ম