ক্ষমা প্ৰাৰ্থনা কৰিছিল বুলি চৰিত্ৰ-পুথিত আছে। চোকা বুদ্ধিৰ ল'ৰা শঙ্কৰে অতি অলপ কালৰ ভিতৰতে বিদ্যা শিক্ষা কৰি অনেক শাস্ত্ৰ পঢ়িবৰ পণ্ডিত হৈ পৰিছিল। অধ্যাপকে তেওঁক কোনো পাঠ এবাৰ দেখুৱাই দিলে দুনাই আৰু তাক দেখুৱাবলগীয়া নহৈছিল। বিদ্যাৰ সোৱাদ পাই শঙ্কৰে দিনে-ৰাতিয়ে শাস্ত্ৰচৰ্চ্চা শাস্ত্ৰালাপৰ বাহিৰে আন কথাত কালক্ষেপ নকৰিছিল। মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰৰ বুদ্ধিৰ প্ৰখৰতা আৰু অনায়াসে শাস্ত্ৰ আয়ত্ত কৰিব পৰা ক্ষমতা দেখি কুসুমবৰক কৈছিল যে তেওঁৰ পুতেক “বিজয় পণ্ডিত” হব। শঙ্কৰদেৱে পঢ়া শেষ কৰি পঢ়াশালি এৰাৰ পিছত পিতৃ কুসুমবৰে কন্দলিক মতাই আনি খুৱাই-বুৱাই দক্ষিণা দি বিদায় দিছিল। ১৩৮২ শকত খেৰসূতী বুঢ়ীমাকে শঙ্কৰক উত্তৰি দিয়ায়। পঢ়াশালি এৰাৰ পাছত শঙ্কৰে যোগশাস্ত্ৰ পাই যোগাভ্যাস কৰিবলৈ ধৰি সেই বিদ্যাত তেওঁ পৰম নিপুণ হৈ পৰিছিল, আৰু কুম্ভক যোগ আদি কৰি প্ৰাণ,অপান আদি বায়ু বশ কৰি লোকক তেওঁৰ ক্ষমতা দেখুৱাই আচৰিত কৰিছিল। এদিন তেওঁ যোগাসনত বহি কুম্ভক যোগ অভ্যাস কৰোঁতে তেওঁৰ দেহৰ গহনাদি ছিগি গৈছিল আৰু বাওঁহাতৰ বুঢ়া আঙুলি মাটিত দি ভৰ দি থিয় হোৱাত পাৱ ওপৰলৈ উঠা দেখি দৰ্শক লোকসকল আচৰিত হৈছিল। দৈতাৰি ঠাকুৰ বিৰচিত পুথিত আছে :
“প্ৰাণ অপান সমান উদান আদি কৰি বায়ু চয়।
বশ্য কৰিলন্ত, চলাইবে পাৰন্ত, যি বায়ু যৈত লাগয়॥
বায়ুক ক্ষেপিয়া, উশাস ধৰিয়া, আসন ভিৰি হৰিষি।
থাকন্ত সদায়, সুনিশ্চল কায়, দিন দুই চাৰি বসি॥
জলে বুৰ দিয়া, থাক বসিয়া, জলৰ ভিতৰে যাই।
জল দূৰ কৰি, পৰ দুই চাৰি, জলে নিভিজয় কায়॥
বস্ত্ৰো নিভিজয়, শুখান থাকয়, উঠন্ত পুনু জলৰ।
বাহু প্ৰদেশত, সৰসে বান্ধন্ত, নবীন ডোৰে পাটৰ॥
বায়ু ক্ষেপি নিয়া, বাহু ওফন্দায়া, বায়ুৰ লন্ত প্ৰমাণ।
নৱ পাট ডোৰ, ছিঙি ঝটৰাই, পৰে ক'তো দুৰমান॥