পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


অধাৰ্ম্মিক। সেইবিলাকহে ঘোৰ সংসাৰী। এনে বৈৰাগীক মাধৱদেৱে শূকৰেৰে তুলনা কৰিছে :-

“গৃহবাসে কিবা ভক্তি কৰিবে বাধয়।
গৃহে থাকি ভকতি কৰিবে সুৱালয়॥
এবে গৃহ বাস নতু হোৱন্তে বিৰক্তি।
পাছত ধৰয় সিটো শূকৰৰ বৃত্তি।
 * * *
যেন আপোনাৰ বিষ্ঠা শূকৰে এৰয়।
পৰৰ বিষ্ঠাক পাছে ভোজন কৰয়॥”

-দৈত্যাৰি কৃত গুৰুচৰিত্ৰ।

 এই বিষয়ে ভক্তি ৰত্নাকৰত আছে :-

“প্ৰমত্ত পুৰুষ যদি বনে চলি যায়।
বনতো সংসাৰ তাৰ জানা নুগুচয়॥
যিবা হেতু ছয় শত্ৰু লগতে থাকয়।
 * * *
যিটো জ্ঞানী জিতেন্দিয় আত্মাতে ৰময়।
গৃহবাস দোষে বা তাহাঙ্ক কি কৰয়॥
হৰিৰ সেৱক তুমি পৰম মহন্ত।
ইন্দ্ৰিয় সৱক জিনি ভৈলা উপশান্ত॥
গৃহবাসে বনবাসে সমান তোমাৰ।”

 শুদ্ধচিত্ত হৈ সংসাৰত থকাই ভাল, বনবাসৰ কোনো আৱশ্যক নাই। সংসাৰত্যাগী জ্ঞান পন্থৰ যোগীয়ে নিৰ্গুণ ব্ৰহ্মৰ সত্বা লৈয়ে থাকে।সেই সত্বাত,যোগীয়ে নিজক আৰু জগতক ডুবাই দিয়ে। সংসাৰী ভক্তৰ ঈশ্বৰ নিত্য হলেও লীলাময়। যাৰেই নিত্যতা তেওঁৰেই লীলা। সেইদেখি ভক্তই জগতক মিথ্যা বুলি এৰি নিদিয়ে, কাৰণ জগৎ ঈশ্বৰৰে লীলা। জ্ঞান পন্থৰ যোগীৰ নিৰ্নজ্জ সাধনা, কিন্তু সংসাৰী ভক্তৰ নামঘৰ, সমাজ-ঘৰ, গিৰ্জ্জা, মচ্জিদ প্ৰভৃতিত সমবেত কীৰ্ত্তন, নাম, উপাসনা, প্ৰাৰ্থনা প্ৰসঙ্গ। সংসাৰী ভক্তৰ ধৰ্ম্ম যেনে ঈশ্বৰমুখী তেনে সমাজমুখী।