চেষ্টা-ইও ঈশ্বৰৰ প্ৰিয়কাৰ্য্য। এই যে দৰিদ্ৰই অন্নাভাবত কষ্ট পাব
লাগিছে, ৰোগীয়ে শুশ্ৰুষা খুজিছে, দুৰ্ব্বলে বলীৰ অত্যাচাৰৰপৰা পৰিত্ৰাণ
পাবলৈ অফুট কাতৰোক্তি কৰিব লাগিছে—চকুৰ আগত সদাই কত এনে
অৱস্থা দেখিব লাগিছোঁ। দৰিদ্ৰক প্ৰতিপাল, ৰোগীৰ শুশ্ৰুষা, দুৰ্বলীক
ৰক্ষা ইত্যাদি ঈশ্বৰৰ আদেশ নহয় নে? জীৱনৰ সকলো ঘটনা সকলো
কাৰ্য্যৰ ভিতৰেদি ঈশ্বৰক স্মৰণ ৰাখিব লাগিব। সংসাৰী ব্ৰহ্ম সাধনাৰ
উপযুক্ত নহয়—এনে অভিপ্ৰায় ঈশ্বৰৰ নহয়। প্ৰাচীনকালত ধৰ্ম্ম সাধনাৰ
নিমিত্তে স্ত্ৰী পুত্ৰৰ বন্ধন ছিঙি সংসাৰ ত্যাগ কৰি নিৰ্জ্জন হাবিত নাইবা
পৰ্ব্বতৰ গুহাত জীৱন কাটোৱা বিধি আছিল। কিন্তু পৰবৰ্তী সময়ত
ধৰ্ম্মৰ আদৰ্শ পৰিবৰ্ত্তিত হল। সত্য, ত্ৰেতা, দ্বাপৰ যুগৰ ধৰ্ম সাধনৰ
উপায় কলি যুগত অনুপযুক্ত। বৰ্তমান যুগত ধৰ্ম্মৰ নিমিত্তে নিৰ্জন সাধনাৰ
আৱশ্যকতা থাকিলেও একেবাৰে সংসাৰ ত্যাগ কৰিবৰ আৱশ্যক নাই।
সংসাৰত হে মনুষ্যত্ব পূৰ্ণ বিকাশ হয়। সংসাৰৰ নানা প্ৰলোভন আদিৰ
মাজত চিত্ত স্থিৰ ৰাখি ঈশ্বৰৰ ভজনা কৰি ঈশ্বৰৰ কৰুণাৰ বলেৰে বলী
হৈ সমাজ সেৱা, মানৱ সেৱা কৰিব লাগিব। একেবাৰে বিষয়াষক্ত হৈ
ধন মান আদিৰ কাৰণ চিন্তা কৰি থাকিলে চিত্ত স্থিৰ নেথাকে। সংসাৰত
থাকি বাসনা পৰিত্যাগ কৰিব পাৰিলে যথাৰ্থ বৈৰাগ্য হয়। যিসকল দেখাই
বৈৰাগী কিন্তু প্ৰকৃততে বাসনা এৰিব পৰা নাই সেইবিলাক কপট আৰু
তস্মাদ্বাস্যং পণং ভক্তিমালস্ব্য নৃপ্সত্তৰ।
নিত্যং নৈমিত্তিকং সৰ্ব্বং কুৰ্য্যাৎ প্ৰীত্যৈ হৰেঃ সদা॥”
তাৎপৰ্য্য- সৰ্বশক্তিমান পৰেশ্বৰ সকলোৰে প্ৰভু,জীৱ বিলাক তেওঁৰ দাস; এইসম্বন্ধস্বাভাবিক। দাস্য সাধনাই পৰম ধৰ্ম্ম আৰু পৰম হিতকাৰী। এই সাধনাৰ দ্বাৰাই মোক্ষ লাভ হয়। অন্য পন্থা অৱলম্বন কৰা বিলাক নৰকত পৰে।
দাস্য ভাবৰ সাধনাও অতি শ্ৰেষ্ঠ সাধনা। ইয়াৰ দ্বাৰাই অতি উচ্চভাবৰ ভক্তি জন্মে। হে নৃপ, ভক্তিহীন জনক ছুলেই নৰকগামী হয়।
সেই নিমিত্তে হে পুণ্যবান্ ৰাজন্, তুমি দাস্য ভাবৰ সাধনা অৱলম্বন কৰি ঈশ্বৰ প্ৰীতি অৰ্থে নিত্য নৈমিত্তিক কৰ্ম্মবিলাক কৰা।