পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ৰসস্বাদী বৈৰাগী উভয়ে সংসাৰত্যাগী সন্ন্যাসী। কিন্তু জগতৰ অধিক ভাগ লোক সংসাৰী। ব্ৰক্ষ্মৰ সাধনা যোগী ঋষিৰহে সাধ্য, সংসাৰীলোকৰ অসাধ্য, সংসাৰী কেৱল বেদবিহিত কৰ্ম্মৰ অধিকাৰী অৰ্থাৎ সংসাৰীৰ পক্ষে বেদবিহিত দেৱোপাসনা আৰু ওপৰৰ খাপৰ জ্ঞানীসকলৰ নিমিত্তে ব্ৰহ্মৰ সাধনা শ্ৰেয় এনে ধাৰণা বহুতৰ আছে। এই ধাৰণা ভুল। এই ভুল ধাৰণাৰ নিমিত্তেই সংসাৰীয়ে হোম, যাগ; প্ৰায়শ্চিত্ত আদি ক্ৰিয়াৰ দ্বাৰাই দেৱতা উপ-দেৱতাক পুজি পুণ্য আৰ্জি স্বৰ্গাদি সুখৰ আশা কৰে। এই প্ৰকাৰ স্বৰ্গসুখ কিন্তু স্থায়ী নহয়। পুণ্যক্ষয় হলে কৰ্ম্মীৰ আকৌ পতন হয়। সকাম কৰ্ম্ম বন্ধৰ কাৰণ। গীতাত আছে যে ঈশ্বৰৰ উদ্দেশ্যে যি কৰ্ম্ম কৰা হয় তদ্ভিন্ন আন কৰ্ম কেৱল বন্ধৰ কাৰণ। “যজ্ঞাৰ্থাৎ কৰ্ম্ম- ণোহৃন্যত্ৰ লোকোহয়ং কৰ্মবন্ধনঃ।” ইয়াত “যজ্ঞৰ" অৰ্থ কৰোঁতে -শঙ্কৰা চাৰ্যই কৈছে “যজ্ঞোবৈ বিষ্ণুঃ।” অৰ্থাৎ যজ্ঞাৰ্থ কৰ্ম্ম কৰা মানে ঈশ্বৰৰ উদ্দেশ্যে কৰ্ম কৰা। এয়ে দাস্য সাধনাৰ মূল। সংসাৰীয়েও দাস্য সখ্য ভাবে ঈশ্বৰ সাধনা কৰিব পাৰে। শঙ্কৰ মাধৱ উভয়ে এই কথা লোকক বুজাবৰ চেষ্টা কৰিছিল। (১) সকলো কৰ্ম্ম ঈশ্বৰত সমৰ্পণ কৰি ঈশ্বৰৰ প্ৰিয় কাৰ্য্য সাধন আৰু অপ্ৰিয় কাৰ্য্য বৰ্জন, এয়ে দাস্য ভক্তিৰ উদ্দেশ্য। সংসাৰী হৈ সন্তান লালন-পালন সিহঁতক চৰিত্ৰবান্ আৰু ধাৰ্ম্মিক কৰিবৰ


দাস্য-“মই অনাথক দয়া কৰহু পৰমানন্দ, দাস বুলি ধৰিও মনত। থৈও নিজ ভৃত্যৰ সঙ্গত।

অঙ্গুলি মুখত কৰো দাতে তৃণ তুলি ধৰোঁ কেশ ছিঙ্গি দিও চৰণত॥”
“হে হৰি মোক, দাস হেন মানি, ক্ষমিও কৃপাময়।”
“নিজ দাস কৰি হৰি মোক কিনা কিনা। আন ধন নলাগয় নাম ধন বিনা॥”

-ঘোষা

(১) বৃহৎ হাৰিত সংহিতাত দাস্য সাধনাৰ বিষয়ে এই প্ৰকাৰ লিখা আছেঃ-

“তং স্বীকুৰ্ব্বন্তি বিদ্বাংস: স্ব স্ব ৰূপতয়া সদা।
নৈসগিকং হি সৰ্ব্বেযাং দাস্যমেব হৰেঃ সদা॥
স্বাম্যং পৰস্বৰূপং স্যাদ্দাস্যং জীবস্য সৰ্ব্বদা।
প্ৰকৃত্যাতাত্মনোৰূপং স্বাম্যং দাস্যমিতি স্থিতিঃ॥
দাস্যমেব পৰং ধৰ্ম্ম দাস্যমেব পৰং স্থিতম্।
দস্যেনৈব ভবেন্মুক্তিৰন্যথা নিৰয়ং ভবেৎ॥
বিষ্ণোৰ্দ্দাস্যং পৰাভক্তিৰেষা তুন ভবেৎ কৃচিৎ।
তোষামেব হি সংস্পৃষ্টং নিৰয়ং ব্ৰহ্ণণা নৃপ॥