পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১০
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


স্নেহ কৰা যায় সেই প্ৰকাৰ স্নেহ কৰা হয়। ভাৰতবৰ্ষৰ শিশু কানাই আৰু খৃষ্টানবিলাকৰ Baby Jesus এই ভাবৰপৰা সমুদ্ভূত। মধুৰ ভাৱ অকল ভাৰতবৰ্ষতহে দেখিবলৈ পোৱা যায়। এই ভাৰত সংসাৰৰ সকলো জীৱ স্ত্ৰী, পুৰুষ একমাত্ৰ ভগৱান। স্ত্ৰী পুৰুষৰ যি নিকট সম্বন্ধ, ঈশ্বৰেৰে সৈতে তেনে সম্বন্ধ এই ভাবত কৰা হয়। এই ভাবতহে ৰাসলীলা কৰা হয়। মহাপ্ৰেমিক চৈতন্যৰ মতে এই ভাবৰ ভক্তিয়েই সৰ্ব্বোত্তম। সেই দেখি তেওঁ এই ভাব সাধনা আছিল। কথিত আছে যে দুষ্টা ব্যভি- চাৰিণী ব্ৰজৰ যুবতীবিলাকেও এই কাম ভাবেই শ্ৰীকৃষ্ণক ভজি উদ্ধাৰ পাইছিল। সাধাৰণৰ পক্ষে যে এই ভাব অনুপযুক্ত তাক কোৱা বাহুল্য মাত্ৰ। বঙ্গদেশৰ “নেড়ানেড়ীৰ” কথা যি জানে তেওঁৱেই বুজিব এই প্ৰকাৰ ধৰ্ম্ম সাধনাৰ ফল কি হয়। আসামৰ মঙ্গলৰ অৰ্থেই শঙ্কৰ মাধৱে শ্ৰীকৃষ্ণৰ লগত শ্ৰীৰাধাৰ সমাবেশ কৰা নাছিল। শান্ত ভাৱত ধ্যান ধাৰণা আদি হয়। দৰাচলতে এই ভাব নিৰ্গুণোপসনাৰহে উপযুক্ত। সেইদেখি শঙ্কৰ মাধৱৰ প্ৰদৰ্শিত ধৰ্ম্মত সখ্য আৰু দাস্য ভাবৰ ঈশ্বৰ সাধনাহে শ্ৰেষ্ঠ কৰি বুজোৱা হৈছে। (৫)

 দাস্য সখ্য ভাৰৰ ঈশ্বৰ সাধনা বাস্তৱিক সংসাৰীৰ বিশেষ উপযুক্ত। শান্ত ভাৱৰ ধাৰণা কিম্বা মধুৰ ভাবৰ প্ৰেমৰসৰ আস্বাদ সমাজভুক্ত সংসাৰীৰ উপযুক্ত নহয়। সেইবাবে ধ্যানমগ্ন যোগী আৰু মধুৰ ভাবৰ সাধক প্ৰেম-


“জলে ফুলে পত্ৰে মাত্ৰ হৰি পুজিবেক।
আলোচিয়া মনত নিশ্চয় কৰিবেক॥
এতেকেতে তৃপ্তি হয় প্ৰভু ভগৱন্ত।
পৰস্পদ বৈকুণ্ঠক দিবাক খোজন্ত॥
কৃপালু কৃষ্ণৰ গুণ কহন নযায়।
নতু পূজা কৰন্তে পূৰ্ব্বতে পূজা পায়।”

-ভক্তি ৰত্নাকৰ।

 “ভক্তি ৰত্নাকৰ” শঙ্কৰদেৱে ৰচা সংস্কৃত ভাষাৰ এখনি গ্ৰন্থ। ৰামচৰণ ঠাকুৰে ইয়াৰ অসমীয়া পদ কৰিছে।

(৫) সখ্য-“হৰিক বান্ধৱ বুলিয়া যিজন কৰয়ে কীৰ্ত্তন।
সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিল জানা সেহি মহাজন।”
“হৰি ও হৰি কৰুণাসাগৰ কৰিও কৃপা আমাক।
প্ৰিয়তম আত্মা সখা ইষ্ট গুৰু মানিয়া আছো তোমাক।”
“কিনো অপৰাধ কৰি আছোঁ আমি বান্ধৱ মাধৱ প্ৰাণ।”
“কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম হুহৃদ সোদৰ বন্ধুজন।”
“যিটোজনে শুদ্ধ ভাবে হৰিত শৰণ লৈয়া হৰিক সুহৃদ বুলি আছে।”
“হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ কৃপাদৃষ্টি চাহিওক মোক।”