সখ্য—ঈশ্বৰকে পৰম সুহৃদ বুলি বিবেচনা কৰি তেওতে পৰম বিশ্বাস স্থাপন কৰা।
বন্ধুৱে কোনো দোষত বন্ধুক নেৰে বৰং দোষৰপৰা কেনেকৈ বন্ধু ৰক্ষা
পৰে তাৰে চেষ্টা কৰে। সেই প্ৰকাৰ ঈশ্বৰেও ভক্তক কেতিয়াও নেৰে। পাপ
কাৰ্য্য় কৰিলেও যাতে পাপৰপৰা ভক্তই উদ্ধাৰ পায় তাৰে পথ ঈশ্বৰে
দেখুৱাই দিয়ে।
আত্ম নিবেদন—দেহ সমৰ্পণ। অকল ভগৱানৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি থকা।
গৰুৰ গিৰিহঁতে লোকক গৰু বেচিলে পোহপাল, যি গৰাকীয়ে কিনি লয়
তেওঁৱেই দিব বুলি নিশ্চিন্ত হৈ থাকে; সেই প্ৰকাৰে যি ভক্তই ঈশ্বৰত
আত্ম সমৰ্পণ কৰে তেওঁ সম্পূৰ্ণ ভাৱে ঈশ্বৰত নিৰ্ভৰ কৰি নিশ্চিন্ত থাকে।
বন্দন-“সৰ্ব্বং খল্বিদং ব্ৰঙ্গ” এই উপনিষদ বাক্য সাৰ কৰি সংসাৰৰ
সকলো বস্তুতেঈশ্বৰক দেখি সকলোকে নমস্কাৰ কৰিলেই
মাধৱক নমস্কাৰ কৰা হয।বন্দনৰ অৰ্থ নমস্কাৰ। ভক্তি
ৰত্নাৱলীত আছে -
“জল বায়ু বহ্নি মহী নক্ষত্ৰ আকাশ।
বৃক্ষ নদী সমুদ্ৰ তটস্থ দিশ পাশ॥
আছে আনো সংসাৰত বস্তু যত যত।
কৃষ্ণক দেখিব মাত্ৰ মনে সমস্তত॥
হৰিৰ শৰীৰ ইটো হেন বুদ্ধি কৰি।
সবাহাঙ্ক নমস্কাৰ কৰিব সাদৰি॥
“পৰম শ্ৰদ্ধায়ে নিতে হৰিগুণ যত।
শ্ৰৱণ কীৰ্ত্তন সুখে কৰয় সতত॥
“অতি অল্পকালে আসি প্ৰভু ভগৱন্ত।
হিয়াতে সাক্ষাতে তাৰ প্ৰকাশ হোৱন্ত॥”
-ভক্তি ৰত্নাৱলী।
“এৰি লোক যিটো আন দেৱত ভকতি।
একে মাধৱক মাত্ৰ ভজে দৃঢ় মতি॥
তাহাৰ পাতক যদি সিযে প্ৰবাদত।
নাশ হোৱ সিও ঈশ্বৰৰ প্ৰসাদত॥”
-নিমি নৱসিদ্ধ সংবাদ।
“শুনৈ কৃষ্ণ কথা যিটো কৰিয়া যতন।
তাহাৰ হিয়াত প্ৰবেশয় নাৰায়ণ॥”
“শুনন্তে কৃষ্ণৰ কথা সাধুৰ সঙ্গত।
পৰম নিশ্চল ভক্তি হোৱয় কৃষ্ণত॥