কৰতল কমল কমল দল নয়ন।
ভবদব দহন গহন বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥
খৰতৰ বৰ শৰ হত দশবদন।
খগচৰ নগধৰ ফণধৰ শয়ন।
জগদঘ মপহৰ ভৱভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন॥
ডাঙৰলৈকে উমলি ফুৰি শঙ্কৰদেৱৰ এনে অভ্যাস হৈছিল যে, এদিন তেওঁ পঢ়াশালিৰ অধ্যাপকক এটকা ৰূপ আৰু এখন কাপোৰ লুকাই ভেঁটি দি অধ্যাপকৰপৰা বিদায় লৈ উমবিলৈ গৈছিল; অধ্যাপকে সেই ৰূপ আৰু কাপোৰ খেৰসূতী বুঢ়ীআইক ওভোতাই দিলত বুঢ়ীমাকে বুজ পাই শঙ্কৰক ডাবি দিলত হে সেই দিনাৰপৰা শঙ্কৰে ভালকৈ মন দি পঢ়িবলৈ ধৰিলে। * চৰিত্ৰ পুথিত লেখা আছে যে এদিন একাদশী তিথিত সকলো ছাতৰে পাঠ শেষ কৰি ঘৰঘৰি গ'ল; কিন্তু শঙ্কৰ পঢ়াশালিতে শুই থাকিল। তেওঁৰ শৰীৰত ৰ'দ পৰাত এটি সৰ্পই ফণাৰে ছাঁ দি আছিল, এনেতে মহেন্দ্ৰ কন্দলি আহি ওলালত সাপটো গুচি গ'ল। সেইদিনাৰপৰা কন্দলিয়ে শঙ্কৰক শঙ্কৰদেৱ বুলিবলৈ ছাত্ৰসকলক আজ্ঞা শুনাই দিলে আৰু কলে যে আজিৰপৰা শঙ্কৰে পঢ়াশালি মছিব নালাগে। এদিন ৰাঘৱাচাৰ্য্য পণ্ডিত পঢ়াশালিলৈ আহোঁতে ছাতৰবিলাকে তেওঁক এইবুলি গোচৰ দিলে যে সিহঁতৰ অধ্যাপক কন্দলিয়ে শূদিৰৰ ল'ৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ সিহতক আজ্ঞা দিছে, আৰু শঙ্কৰে পঢ়াশালি মছিব নেলাগে বুলি কৈছে। আচাৰ্য্যই এই কথা শুনি কন্দলিৰ ওপৰত খং কৰিছিল। কিন্তু ৰাতি আচাৰ্য্য ই শুই থাকোঁতে সমাজিকত দণ্ড পাই পিছদিনা শঙ্কৰদেৱৰ ওচৰত
- “সেই দিন ধৰি উমলিবেক নযান্ত। পৰম যতনে গুৰু গৃহত পঢ়ন্ত॥ বাৰেক
দেখাই দিলে এতেকে পাৰন্ত॥ অতি অনায়াসে গুৰু তাহাঙ্ক পড়ান্ত॥ পঢ়িলন্ত নিৰন্তৰে শাস্ত্ৰ সমস্তয়। অপ্ৰমাদী পণ্ডিত ভৈলন্ত মহাশয়॥ অবিৰত সমস্ত শাস্ত্ৰক বিচাৰন্ত। শাস্ত্ৰালাপ বিনে আন কৰ্ম্ম নাচৰন্ত॥ শৈস্ত্ৰৰ তত্ত্বক জানি মনত হৰিষে। পৰলোক হিত মাত্ৰ চিত্তে অহৰ্নিশে॥ ধৰ্মত সদায় ৰতি কৃপাময় মন। শিশু হন্তে ধৰ্ম্ম মাত্ৰ কৰয় সঘন।”
-দৈত্যাৰি।