শোওঁতে হৰিনাম লয় কিন্তু তেনে লোকৰে চৰিত্ৰ মলিন দেখা যায়, তেনে
লোকৰো বহুত প্ৰকৃত ধাৰ্ম্মিক নহয়। কথিত আছে যে ৰূপ গোস্বামীয়েও
এনে প্ৰকাৰ সন্দেহ কৰি এদিন শ্ৰীচৈতন্যক শুধিছিল যে কি ভাবৰ নাম
কীৰ্ত্তনৰ দ্বাৰাই ঈশ্বৰ ভজনা কৰিব লাগে? ইয়াৰ উত্তৰত চৈতন্য দেৱে
এটি শ্লোক মাতিছিল। শ্লোকটি এই-
তৃণাদপি সুনীচেন তৰোৰিব সহিষ্ণুনা।
অমানিনা মানলেন কীৰ্তনীয়ঃ সদা হৰিঃ॥
নিজক তৃণতকৈও হীন যেন ভাবি, তৰুৰ নিচিনা সহিষ্ণু হৈ নিজে মান নিবিচাৰি, পৰক মান দেখুৱাই, হৰি কীৰ্তন কৰিব লাগে। ইয়াৰ অৰ্থ অলপ আলোচনা কৰি দেখা যাওঁক।
পৰমেশ্বৰক ভজনা কৰিব খুজিলে অহঙ্কাৰ দাম্ভিকতা আদি অন্তৰৰ- পৰা একেবাৰে যাব লাগে। নিজকতৃণতকৈও হীন যেন জ্ঞান কৰিব পাৰি- লেহে পৰমেশ্বৰক ভজনা কৰিব পাৰি, অৰ্থাৎ বিনয় নহলে ভক্তি নহয় আৰু অন্তৰত ভক্তি নহলে অকল নাম উচচাৰণৰ দ্বাৰাই কি ফল লাভ হব। জগদীশ্বৰৰ ভৰিত বিনীত হৈ প্ৰাৰ্থনা কৰিব নোৱাৰিলে ব্ৰক্ষ্মকৃপা লাভ নহয়। যি অহঙ্কাৰী সি নিজৰ আৰাধনাকে নিজে কৰে; মই কেনে পণ্ডিত, কেনে বুদ্ধিমান কেনে ধাৰ্ম্মিক ইত্যাদি। তেনে মানুহে ভাৱানৰ আৰাধনা কেনেকৈ কৰিব? এতেকে দেখা গল বিনয় আৱশ্যক। দ্বিতীয়ত অৱশ্যক সহিষ্ণুতা। বৃক্ষই সহিষ্ণুতাৰ সুন্দৰ শিক্ষা দিয়ে। ৰদ, বৰষুণ, ধুমুহা সকলোকে বৃক্ষই সহ্য কৰে কিন্তু জীৱৰ হিত সাধন বৃক্ষই সদাই কৰি আছে। চৰাইবিলাকক বৃক্ষই আশ্ৰয় দিয়ে, ৰদত দুখ পোৱা প্ৰাণীক বৃক্ষই ছায়া দিয়ে। যি মানুহ বৃক্ষৰ ডাল কাটি নিয়ে তাকো বৃক্ষই ছায়া নিদিয়াকৈ নাথাকে। বৃক্ষৰ কেনে সহিষ্ণুতা, ধৈৰ্য্য আৰু পৰোপকাৰিতা। বৃক্ষ একনিষ্ঠতাও অনুকৰণৰ যোগ্য। বৃক্ষই একে ঠাইতে শিপা মেলি তলৰ মাটি খামোচ মাৰি ধৰি অটল ভাৱে থাকে। ঈশ্বৰ সাধনাতো সেই প্ৰকাৰ একনিষ্ঠভাৱে এক পৰমেশ্বৰৰ পাদপদ্মত চিত্ত নিবিষ্ট কৰিব লাগে। বিষয়ৰ নানা জঞ্জালে চিত্ত অস্থিৰ কৰিলে ঈশ্বৰ ভজনা নহয়। সাধনাৰ আৱশ্যক। ধৈৰ্য্য, সহিষ্ণুতা নহলে কোনো বিষয়ে সাধনা নহয়। ঈশ্বৰ সাধনাতে এই বিলাক গুণ নহলে কেনেকৈ হব? অন্য সাধনাতকৈ তো ঈশ্বৰ সাধনা