পাসনা সকলোতকৈ প্ৰশস্ত এই কথা উপনিষদসন্মত। বৈষ্ণৱ সমাজত
গীতাৰ শাস্ত্ৰৰ ভাষ্যতকৈ শ্ৰীধৰ স্বামীৰ টীকা বেছি আদৰণীয়।
দেখা যায় যে দুই শ্ৰেণীৰ লোকে সগুণোপাসনা নকৰে। ইয়াৰ এক শ্ৰেণী হৈছে মনুষ্য আকাৰে পশুবিলাক যাৰ কোনো ধৰ্ম্মজীৱন নাই। আন শ্ৰেণী হৈছে যিবিলাক জীৱন্মুক্ত পৰমহংস অৰ্থাৎ যিসকলে তত্ত্বজ্ঞান লাভ কৰি আত্মাত ঈশ্বৰক উপলব্ধি কৰিছে। যি ব্ৰহ্মলাভ কৰিছে তেওঁৰ আৰু কিহৰ নিমিত্তে চেষ্টাৰ আৱশ্যক? কিন্তু নাৰদাদি জীৱন্মুক্ত পুৰুষে মুক্তিকো ঠেলি পেলাই সগুণোপাসকৰ ভক্তিকে শ্ৰেষ্ঠ বুলি মানিছিল। এই বাবেহে এওঁলোকক “মুক্তিত নিস্পৃহ" বোলা হয়। মুক্তিৰ নিমিত্তে ভক্তিকে তেওঁলোকে সকাম ভক্তি যেন বিবেচনা কৰিছিল। “মুমুক্ষু ভকত জনত 'কৰিও কেৱল ভক্ত গৰিষ্ঠ।” “মই নিজে অমৃত হোৱাতকৈ সদাই অমৃত আস্বাদন কৰি থাকিম” এওঁলোকৰ এই ভাব আছিল। মিষ্টান্ন লোকে খাবলৈ বিচাৰে, কোনোৱে মিষ্টান্ন নিজে হবলৈ ইচছা নকৰে। এই নিমিত্তেই প্ৰকৃত ভক্তসকলে জ্ঞানমাৰ্গৰ সোহহং ভাৱ ভাল নেপায় তেওঁলোকে জ্ঞানকো তুচ্ছ যেন দেখে। (৩)
পূৰ্বেই কোৱা হৈছে যে বৈষ্ণৱ আচাৰ্য্য বিলাক ঠিক অদ্বৈতবাদী নহলেও শঙ্কৰচাৰ্য্য ৰ মত তেওঁলোকে ঠেলিব পৰা নাই। বুৰঞ্জীৰ আদিৰপৰা
(৩) “নাৰদ সনত কুমাৰ সনন্দ, শুকমুনি আদি কৰি।
মুকুতি সুখক, ঠেলি ৰাম নাম সদায় ফুৰে সুমৰি॥”
“ভকতজনৰ হৰিনামেসে সৰ্বস্ব।
মকু তকো ঠেলি আগ হোৱে হৰিসশ॥”
-নাম ঘোষা।
“ভকতিৰ মহিমা লেখিও অদভূত।
ভৈল কৃতকৃত্য যিটো জীৱন্তে মুকুত॥
তথাপিতো প্ৰাৰ্থনা কৰয় ভকতিক।
জানিবা আনন্দ অতি মোক্ষতে অধিক॥”
-ভক্তি ৰাত্নাৱলী।
"He (the Bhakta), soon, through the mercy of the Lord, reaches a plane where pedantic and powerless reason is left far behind and the mere intelletual grouping through the dark gives place to the day-light of direct perception. He no more reasons and belives, he almost perceives. He no more argues he senses. And is not this seeing God, and feeling God and enjoying God, higher than every- thing else? Nay bhaktas have not been wanting who have maintained that it is higher than even Moksha-Liberation."
-Vivekananda