পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 কোটি গ্ৰন্থৰ দ্বাৰাই যি বুজোৱা হৈছে তাক মই অৰ্দ্ধ শ্লোকৰ দ্বাৰাই কওঁ; অৰ্থাৎ ব্ৰহ্ম সত্য জগৎ মিথ্যা। জীবাত্মা আৰু ব্ৰহ্ম এক। গীতাত “অহমাত্মা গুড়াকেশ সৰ্ব্ব ভুতাশয়াস্থিত।” উপ- নিষদবিলাকতো এই কথাকে বিশেষৰূপে বুজোৱা হৈছে। বাস্তবিক এই monistic principle যে অধিক ভাগ উপনিষদৰ তাৎপৰ্য্য তাক সন্দেহ কৰাৰ কাৰণ খুব কমেই দেখা যায়। ভগৱান শঙ্কৰাচাৰ্য্যই এই কথা ইস্পষ্টভাৱে কৈ গৈছে। ছান্দোগ্য উপনিষদত আৰুণিয়ে শ্বেতকেতুক উপদেশ দিছে “ঐতদাত্মামিদং সৰ্ব্ব তৎ সত্যং স আত্মা তত্ত্বমসিশ্বেতকেতো।” ইয়াতো সেই এক কথাকে কৈছে। “তত্ত্বমসি” অৰ্থাৎ “তুমি সেই আছাঁ।” ইয়াৰ দ্বাৰাই জীৱাত্মা পৰমাত্মা এক ইয়াকে বুজোৱা হৈছে। এয়ে অদ্বৈতবাদ।

 বৈষ্ণৱ আচাৰ্য্যবিলাকৰৰ অদ্বৈতবাদ, কিন্তু সেয়ে বিশিষ্ট প্ৰকাৰৰ; সেইদেখি এওঁলোকক বিশিষ্টাদ্বৈতবাদী বোলা হয়। ব্ৰহ্ম অনাদি অনন্ত, সৰ্ব্বজ্ঞ, সৰ্ব্বশক্তিৰ মূলাধাৰ। সূৰ্য্যৰ এক ৰশ্নিৰ নিচিনা জীৱাত্মাবিলাক ব্ৰহ্মৰ অংশ, কিন্তু সূৰ্য্য যেনেকৈ ৰস্মিতকৈ অধিক সেই প্ৰকাৰ ব্ৰহ্ম জীৱাত্মা- তকৈ অধিক। জীৱাত্মাসকল ব্ৰহ্মাৰ দাস। (২)

 এই ভাবৰ নিমিত্তেই বৈষ্ণৱ সম্প্ৰদায়ৰ আশ্ৰয় ভক্তিমাৰ্গ আৰু নিৰ্গুণ ব্ৰক্ষ্মৰ সগুণ ভাৱে আৰাধনা। জ্ঞান নহলে মুক্তি নহয়, অথচ ভক্তি নহলে জ্ঞান নহয়। সেই বাবেই গীতাত ভগৱানে সগুণোপাসকক শ্ৰেষ্ঠ বুলিছে। গীতা উপনিষদৰ সাৰ। “সৰ্ব্বোপনিষদো গাবো” আৰু “দুগ্ধং গীতামৃতং মহৎ।” প্ৰকৃততে ভক্তিয়েই যে মুক্তিৰ কাৰণ আৰু সেই নিমিত্তে সগুণো-


(২) “তোমাৰেসে অংশ আমি যত জীৱ জাক। তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক॥” “তুমি সত্য ব্ৰক্ষ্ম, তোমাতে প্ৰকাশে, জগত ইটো অনন্ত। জগততে সদা তুমিও প্ৰাকাশ,অন্তৰ্যামী ভগৱন্ত॥” “তুমি আত্মা হেন জানিয়া তোমাক, চিত্তে ভজে যিটোজন। তুচ্ছ পুত্ৰ দাৰা, বিষয় ভোগত, নাই তাৰ প্ৰয়োজন॥” অনন্ত জগতবাস, তোমাত উদ্ভৱ ভৈল, সন্ত হেন প্ৰকাশে সদায়। কৰ্ম্মজড়, মনুস্যৰ মন মগ্ন ভৈল তাতে, বেদৰ নুবুজে অভিপ্ৰায়॥ তোমাৰ অদ্বৈত ৰূপ , পৰম আনন্দ পদ, তাতে মোৰ মগ্ন হোক চিত্ত। ভৈলহোঁ দাসৰো দাস, জানি আবে নৰ হৰি আমাক নেৰিবা কদাচিত॥”

-কীৰ্ত্তন।