যে ভক্তিয়েই মুক্তিৰ কাৰণ; জ্ঞান ভক্তিৰ ফল মাথোন। শঙ্কৰাচাৰ্য্য
প্ৰভৃতিয়ে কিন্তু জ্ঞানকে হে মুক্তিৰ মুখ্য হেতু বুলি ধৰে। এই মাত্ৰ প্ৰভেদ।
অপাৰগৰ পক্ষে হে ভক্তিমাৰ্গ শ্ৰেয়ঃ এনে সিদ্ধান্ত ভুল তাৰ কোনো সন্দেহ
নাই। ভক্তি থাকিলে হে উপনিষদ জ্ঞানৰ আবিৰ্ভাৱ হয়। কেৱল বুদ্ধিৰ
পৰিচালনা কৰি কি ব্ৰহ্মলাভ কৰিব পাৰি? (১)
এতেকে দেখা গল যে মাধৱদেৱে লিখামতে লোকৰ তত্ত্বজ্ঞানৰ সাহায্যা-
ৰ্থেই বাস্তবিক ভগৱানৰ লীলা। এই লীলা অৱতাৰধাৰী ভগৱানৰ প্ৰতি
একান্ত নিষ্ঠ ভক্তিকেই শঙ্কৰ মাধৱ দুয়ো শিকাইছিল। সেই বাবে তেওঁ
লোক কাকো বহু-ঈশ্বৰবাদী বুলি সিদ্ধান্ত কৰা নিতান্ত ভুল। উপনিষদৰ-
পৰা একেশ্বৰবাদ ৰাজা ৰামমোহন ৰায়েও বুজাইছিল। “সদেৱ সোম্যেদমগ্ৰ
আসিদেকমেবাদ্বিতীয়ম্” (ছান্দোগ্য)। এই উদ্ধৃত অংশৰ অৰ্থ একেশ্বৰ-
বাদেই নহয়; ইয়াৰ বৈদান্তিক অৰ্থ বহুত গভীৰ। কেৱল যে পৰমেশ্বৰ
এক এনে নহয়; এক ব্ৰহ্মৰ বাহিৰে সৎ আৰু একো নাই। ব্ৰহ্মই
এক সৎ আৰু অদ্বিতীয়। ব্ৰহ্ম আৰু জীবাত্মা এক, জগৎ মিথ্যা। ব্ৰহ্ম
বিদ্যা আৰু আত্মতত্ত্ব জ্ঞান একে; সেয়েহে মুক্তিৰ কাৰণ; কৰ্ম্ম কোনো
কালে মুক্তিৰ কাৰণ নহয়। যি বাবে আত্মা আৰু ব্ৰহ্মৰ একত্ব বুজা নাযায়
সেয়ে মায়া বা অবিদ্যা; তাৰে নিমিত্তে অসৎ জগতকো সৎ যেন বোধ
হয়। বিদ্যালাভ হলে অৰ্থাৎ অবিদ্যা নাশ হলে বুজা যাব যে এক ব্ৰহ্মই
সত্য, আন সকলো মিথ্যা আৰু জীবাত্মা আৰু ব্ৰহ্ম অভেদ। এজন
পণ্ডিতে লিখি গৈছে :-
“শ্লোকাৰ্দ্ধ প্ৰবাক্ষামি যদুক্তং গ্ৰন্থ কোটিভিঃ।
ব্ৰহ্ম সত্যং জগন্মিথ্যা জীবো ব্ৰক্ষৈব কেবলম্॥”
(s) "It is through the heart that the Lord is seen and not through the intellect. The intellect is only the street cleaner cleansing the path for us, a secondary worker, the Policeman; It is feeling that works, that moves with speed infinitely superior to that of electricity or anything else."
-Vivekananda.
ভগৱানে নিজে কৈছে :-
“তেষাং সতত যুক্তানাং ভজতাং প্ৰীতি পূৰ্ব্বকম্॥
দদামি বুদ্ধি যোগং তং যেন মামুপবান্তি তে॥”
“ভগৱন্ত ভক্তিযুক্ত, পুৰুষৰ আয়বোধ, মাধৱৰ প্ৰসাদে মিলয়।
কৃষ্ণৰ কৃপাত তেবে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়॥”
-নাম ঘোষা।