পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


যায়, পৌত্তলিকতা প্ৰচাৰ কৰিবৰ অৰ্থে নহয়। বৰদোৱাৰ বাহিৰে গাঙ্গমৌ ক্ষেত্ৰি, বৰপেটা, পাটবাউসী প্ৰভৃতি ঠাইত তেনে কোনো প্ৰতিমা স্থাপন কৰোৱা চৰিত্ৰৰপৰা পোৱা নেযায়। সদীয়াৰপৰা গুৱালপাৰালৈকে আসামৰ গাঁৱে গাঁৱে নামঘৰ, কীৰ্ত্তনঘৰবিলাক আছে, সেইবিলাকত থাপনা আছে,শলাবন্তি আছে, কিন্তু কোনো মুৰ্ত্তি বা প্ৰতিমা নাথাকে। পৌত্তলিকতা বুলিলে প্ৰতিমাত পূজা বুজায়, অথচ পূজা সেৱা প্ৰভৃতি কৰ্ম্মযোগৰ অন্তৰ্গত। শঙ্কৰ-মাধৱ দুয়োজনে পাৰ্য্যমানে বৰ্ত্তমান যুগত এই কৰ্ম্মযোগৰে অসাৰতা দেখাই ভক্তিযোগৰ প্ৰাধান্য বুজাইছে, তেনে স্থলত এওঁলোকে পৌত্তলিকতা শিক্ষা দিছিল বুলি কোৱা যে নিতান্ত ভুল তাৰ কোনো সন্দেহ নাই। ঘোষাত আছে, “জ্ঞান কৰ্ম্ম বিনে, কেৱলে ভক্তিতে, পাৱয় সংসাৰ পাৰ। কেৱল ভকতি, পুৰুষক তাৰে, সহায় কাকো নচাৱে। জ্ঞান কৰ্ম্ম তাৱে, তাৰিতে নাপাৰে, ভকতি নপাৱে যাৱে॥”

 শঙ্কৰৰ প্ৰদৰ্শিত প্ৰদশিত ধৰ্ম্মই সনাতন ধৰ্ম্ম। আজিকালি ভাৰতবৰ্ষময় সনাতন ধৰ্ম্মৰ ৰোল উঠিছে। এই ধৰ্ম্ম শিক্ষাৰ্থে হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰাৰ কাৰণে দেশৰ চিন্তাশীল লোকবিলাকে যত্ন কৰিব লাগিছে আৰু সেই যত্নযে সোনকালে ফলদায়ক হব তাৰ সন্দেহ নাই। সেয়ে হলে এই ধৰ্ম্ম ভাৰতীয় হিন্দুবিলাকৰ একমাত্ৰ ধৰ্ম্ম হব। তেতিয়া নানা পন্থ নানা আচাৰ গুচি ভাৰতবৰ্ষত আকৌ বিশুদ্ধ বৈদিক ধৰ্ম্ম বিস্তাৰ হব। জগদীশ্বৰৰ কৃপাত যেন সেই শুভদিন শ্ৰীঘ্ৰে হয় এই প্ৰাৰ্থনা।

 শঙ্কৰদেৱে অৱতাৰ মানিছিল, তেওঁ লীলা-বিগ্ৰহধাৰী শ্ৰীকৃষ্ণৰ উপাসনা শিক্ষা দিছিল, গতিকে তেওঁ বহু-ঈশ্বৰবাদী, আৰু পৌত্তলিক আছিল, এনে মন্তব্য প্ৰকাশ কৰা নিতান্ত ভুল। প্ৰকৃত সনাতন হিন্দৰ মুলত একেশ্বৰ বাদ। এই ধৰ্ম্মত জড়োপাসনা নাই। দুৰ্ভাগ্যবশতঃ ইউৰোপীয়বিলাকৰ মত অনুসৰি আমাৰ দেশীয় কোনো কোনো শিক্ষিত লোকে হিন্দুবিলাকক বহু-ঈশ্বৰবাদী জড়োপাসক বা পৌত্তলিক বুলি নিন্দা কৰে। হিন্দুবিলাকে জানে যে সমুদায় জড় পদাৰ্থতে এক অনাদি অনন্ত পৰমেশ্বৰ অন্তৰ্য্যামী হৈ আছে, সেই অন্তৰ্য্যামী পুৰুষক হে উপাসনা কৰা হয়, জঢ় পদাৰ্থ অৱলম্বন মাত্ৰ। যেনে প্ৰকাৰেই হওক ঈশ্বৰত চিত্ত সমাধান কৰিব পাৰিলেই তেওঁৰ উপাসনা কৰা হয়। সেই নিমিত্তে প্ৰতিমোপাসনাও প্ৰকৃত নিৰাকাৰৰ হে