পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


যোগ এক প্ৰকাৰ অসম্ভৱ। লোকৰ অলপ আয়ুসৰ নিমিত্তে কৰ্ম্ম কৰোঁতে কৰোঁতে জীৱন যায়, কোনো কৰ্ম্ম অঙ্গপূৰ্ণ নহয়। হাজাৰ ভবা যায় নিস্কিয়ভাৱে কৰ্ম্ম কৰা গৈছে কিন্তু কামনা আহি পৰে। তেনে অৱস্থাত কৰ্ম্মই কেনেকৈ ভগৱান সিদ্ধিৰ বাবে সহায় কৰিব? বৰং তাৰ বিপৰীতে সংসাৰত আসক্তি হে বঢ়াই দিয়ে। সেইদেখি কলিত ভক্তিযোগ—নাৰদীয় ভক্তি, অৰ্থাৎ ভগৱানৰ নাম গুণ কীৰ্ত্তন। এয়ে সহজ পথ, এয়ে যুগধৰ্ম্ম। মাধৱদেৱে লিখিছে “হৰি গুণ কীৰ্ত্তন কলিৰ নিজ ধৰ্ম্ম। জানিবাহাঁ সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম॥”

 বৰদোৱাত জগন্নাথ দেৱৰ প্ৰতিমা সজোৱাৰ উদ্দেশ্য চৰিত্ৰ পুথি মন দি পঢ়িলেই বোধকৰোঁ বুজা যায়। সেই সময়ৰ কিছু পূৰ্ব্বে ব্ৰাহ্মণবিলাকে শঙ্কৰৰ ভক্তসকলক যৎপৰোনাস্তি নিৰ্য্যাতন কৰাত শঙ্কৰেৰে সৈতে ব্ৰাহ্মণ পণ্ডিতবিলাকৰ খুব বাদ প্ৰতিবাদ চলিছিল। সেই বাদত ব্ৰাহ্মণবিলাকে হে পৰাস্ত হৈছিল। কোনো বাঢ়ৈৰ দ্বাৰাই প্ৰতিমা গঢ়াই প্ৰতিষ্ঠা কাৰ্য্যৰ নিমিত্তে ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰাত প্ৰথমতে তেওঁলোকে নিমন্ত্ৰণ গ্ৰহণ নকৰিবলৈ আলচ পাতিছিল। কিন্তু চৰিত্ৰত লিখিছে যে সোণ ৰূপ আদি দান দক্ষিণাৰ বিশেষ আয়োজনৰ ভু পাই ব্ৰাহ্মণসকল আহিল। প্ৰতিষ্ঠা কাৰ্য্য আৰু দান দক্ষিণাদি দিয়া সমাধা হলত ব্ৰাহ্মণবিলাকক মাতি শঙ্কৰে সেই প্ৰতিমা পূজা কৰা সম্বন্ধে বিচাৰ আৰম্ভ কৰিলে। আলোচনাৰ পাছত এয়ে স্থিৰ হল আৰু পণ্ডিতবিলাকেও স্বীকাৰ কৰিবলৈ বাধ্য হল যে-

“যতেক মৃত্তিকাময় যত শিলাময়।
যত জলময় ইটো দেৱ তীৰ্থ হয়॥
কিন্তু শুদ্ধি কৰে চিৰকাল সেবি যেবে।
দৰশন মাত্ৰে শুদ্ধ কৰে সাধু নৰে॥
দেৱতা তীৰ্থতো হন্তে শুদ্ধ হোৱে নৰ।
সাধুএৰে দেৱে তীৰ্থে অনেক অন্তৰ॥”

 ইয়াৰ চুম্বক মৰ্ম্ম এয়ে যে ব্ৰাক্ষ্মণবিলাকে যিসকল হৰিসেৱাৰত শুদ্ধচিত্ত সাধুক নিৰৰ্থক লাঞ্চনা কৰিবলৈ কুণ্ঠিত নহৈছিল তেনে সাধু নৰ মাটি বা শিলৰ প্ৰতিমাতকৈও শ্ৰেষ্ঠ। শঙ্কৰে হৰি ভক্ত বিদ্বেষী ব্ৰাক্ষ্মণবিলাকক এই শিক্ষা দিবৰ নিমিত্তে হে ৺জগন্নাথৰ প্ৰতিমা প্ৰতিষ্ঠা কৰাইছিল, এনে বুজা