পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সম্পূৰ্ণ কৰিছিল। মাধৱৰ ৰচনা আৰু শিকনি গভীৰ দাৰ্শনিক তত্ত্বমুলক। এই কাৰণে হে দুইৰো ৰচনাৰ অলপ তাৰতম্য দেখা যায়।

 প্ৰকৃততে দুয়ো একে শিক্ষাকে দিছিল। শঙ্কৰ গৃহী আৰু মাধৱ সংসাৰ বিৰাগী আছিল। কিন্তু মাধৱে বৈৰাগ্য শিক্ষা দিয়া নাছিল। কিজানি সংসাৰী লোকে একেবাৰে বেদ-পথ এৰে এনে আশা কৰি তেওঁ লিখিছে “অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ, মানিবাহাঁ ইহাক নিশ্চয়। পৰম বিৰক্ত যিটো, কৃষ্ণৰ ভকত ভৈল, তাৰ একো নাহিকে নিৰ্ণয়॥” সংসাৰী হলে বেদৰ বিহিত কৰ্ম্ম কৰে কিন্তু সেইসকল ভক্তি-অবিৰোধী কৰ্ম্ম হব লাগে। সেইদেখি তেওঁ লিখিছে “তাৱত কৃষ্ণৰ ভক্ত নৰে, ভক্তি অবিৰোধী কৰ্ম কৰে, কৃষ্ণৰ কথাত ৰতি যাৱে নোপজয়। যেবে ভৈল কৃষ্ণ কথা ৰত, নিত্য নৈমিত্তিক আদি যত, কথাৰ বিৰোধী জানিয়া সবে ত্যজয়॥” নিষ্কাম ভাৱে কৰা কৰ্ম্ম হে এনে ভক্তি-অবিৰোধী কৰ্ম হব পাৰে। মাধৱে বৈৰাগী হৈ যি শিক্ষা দিছিল শঙ্কৰে তেওঁৰ অমূল্য জীৱনৰ অমূল্য দৃষ্টান্তৰ দ্বাৰাই তাকে বুজাইছে; অৰ্থাৎ সংসাৰী হব, কিন্তু অনাসক্ত ভাৱে এহাতে যেনেকৈ সংসাৰ ধৰা, আন হাতেৰে তেনেকৈ ভগৱানৰ পাদপদ্মত ধৰি থাকিবা। সংসাৰীৰ বিবেক আৱশ্যক। বিবেক কি? নে ঈশ্বৰেই সত্য, জগতৰ আন সকলো বিষয় বস্তু অনিত্য, এই বুদ্ধি। এই জ্ঞানৰ বৰ্ম্ম পিন্ধি সংসাৰী হলে কোনো ভয় নাই। এৱাঁ গাখীৰ পানীত দিলে পানীৰে একেবাৰে মিহলি হৈ যায়। তেতিয়া পানীৰ পৰা গাখীৰ উদ্ধাৰ কৰা অসম্ভৱ হয়। কিন্তু দুগ্ধৰ উৎকৰ্ষ সাধন কৰি যেতিয়া মাখন প্ৰস্তুত কৰা হয় তেতিয়া সেই মাখনক নিঃশভাৱে পানীত ৰাখিব পাৰি। দুগ্ধৰ যেনেকৈ উৎকৰ্ষ কৰা যায় সেই প্ৰকাৰ চিত্তকে শুদ্ধ কৰা যায়। সংসাৰৰূপ জলত শুদ্ধ চিত্ত হৈ মাখনৰূপে অৰ্থাৎ নিৰ্লিপ্ত ভাৱে থাকিব লাগে। এই চিত্তশুদ্ধিৰ একমাত্ৰ উপায় সাধু-সঙ্গ আৰু ভক্তি সহকাৰে ঈশ্বৰৰ নাম গুণ কীৰ্তন। এয়ে উভয় মহাপুৰুষৰ শিকনি।

 জ্ঞানযোগ, কৰ্ম্মযোগ আৰু ভক্তিযোগ এই তিনটি পথৰ লক্ষ এক- ব্ৰহ্মপ্ৰাপ্তি। কলিত অনুগত প্ৰাণ। কলিৰ লোকৰ পক্ষে জ্ঞানযোগ আৰু কৰ্ম্মযোগ কঠিন। দেহবুদ্ধি কোনো প্ৰকাৰে নাযায়, লোক মায়াত ভৰ গৈ থাকে। জ্ঞানৰ দ্বাৰাই চিত্তশুদ্ধি হোৱা বৰ কঠিন গতিকে জ্ঞান- 20