পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ইতৰ লোকৰ গূঢ় দাৰ্শনিক ধৰ্মতত্ত্বসকল ধাৰণা কৰিবৰ শক্তি নাছিল। সেইবাবে সিহঁত এক প্ৰকাৰ সনাতন ধৰ্ম শিক্ষাৰ বহিৰ্ভূত আছিল। ঋষি- সকলৰ পৰৱৰ্তী সময়ত চতুজাতিৰ স্থলত নানা জাতি হল। এক ব্ৰাহ্মণ শ্ৰেণীত বাজে আন সকলো জাতি এক প্ৰকাৰ খিচিৰি হৈ নানা জাতিৰ সৃষ্ট হল। এই সুযোগত বহুত ইতৰ শ্ৰেণীৰ লোকৰ উন্নতি হল, এই লোকসকলৰ আৰ্য্য ধৰ্ম্মৰ সাৰ গ্ৰন্থবিলাকত অধিকাৰ নাছিল। এই লোকবিলাকক কুলীন যাজক সম্প্ৰদায়ে যি ধৰ্ম বুজাই দিছিল তাত পৰে সিহঁতৰ আন ওখ ধৰ্ম্মভাৱ নাছিল। যাজক শ্ৰেণীৰ খুব প্ৰাধান্য বাঢ়িল। শেহত স্বাৰ্থলোভী যাজকবিলাকৰ শিক্ষাৰ ফলত ইতৰ শ্ৰেণীৰ লোকৰ মাজত দেৱতা উপদেৱতা আদিৰ নিৰৰ্থক পূজা আৰু নানা প্ৰকাৰ কুসংস্কাৰ প্ৰচলিত হল। হংস, পাৰাৱত, ছাগ, কুৰ্ম্ম, মহিষ ইত্যাদিৰ বলিদানৰ বিশেষ আড়ম্বৰ বাঢ়িল। এনে কি, ধৰ্মৰ নাম কৰি নৰহত্যা পৰ্যন্ত কৰা হল। বহু দূৰলৈ নাযাওঁ, আমাৰ দেশৰ কামাখ্যা, কেঁচাইখাতী আদি ঠাইত গোসাঁনীৰ আগত নৰবলিও দিয়া হৈছিল। “ভোগী” বিলাকৰ বিবৰণ পঢ়িলে শৰীৰ শিয়ঁৰি উঠে। এইবিলাক ক্ৰিয়া কাণ্ডৰ যাজক- বিলাকক উদেশ্য কৰিয়েই শান্ত্ৰত বোধ কৰোঁ কৈছে-

“নবোনিৰ্নাপি সংস্বাৰো ন শ্ৰুতং ন সন্ততিঃ।
কাৰণানি দ্বিজত্বস্য বৃত্তমেব তু কাৰণম্॥”

 ব্ৰাহ্মণ বংশত জন্ম, কিম্বা সংস্কাৰ, কিম্বা বেদ অধ্যয়নৰ দ্বাৰাই দ্বিজত্ব লাভ নহয়। ব্ৰাহ্মণৰ আচাৰৰ দ্বাৰাই হে ব্ৰাহ্মণত্ব হয়। বাস্তবিক এই অশিক্ষিত লোকবিলাকক অজ্ঞানতা আৰু কুসংস্কাৰৰ অন্ধকাৰ কুপত পেলাই থৈ নিজ স্বাৰ্থ উদ্ধাৰ কৰাই এক শ্ৰেণীৰ নীচমনা যাজকৰ ঘাই নীতি আছিল যেন বোধ হয়। এয়ে প্ৰাচীন হিন্দু সভ্যতাৰ গাৰ ডাঙৰ চেকা। হায়, এতিয়া নানা প্ৰকাৰ নিৰৰ্থক ব্যাখ্যা sophistries কবিলেও সি চেকা মছিব নোৱাৰি।

 বুদ্ধ, মহাবীৰ, কবিৰ, নানক প্ৰভৃতি মহাত্মাসকলৰ নিচিনাকৈ এই অজ্ঞ হীন গতিৰ লোকবিলাকক যথাৰ্থ ধৰ্ম্মশিক্ষা দি সিহঁতক উদ্ধাৰ কৰিবৰ অৰ্থে হে শঙ্কৰে ঘাইকৈ চেষ্টা কৰিছিল। শঙ্কৰে বহলকৈ ভেটি পাতি অট্টালিকা সাজিবৰ দিহা কৰিছিল। মাধৱে সেই অট্টালিকাৰ ওপৰৰ ভাগ