পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


উপলব্ধি কৰিও আকৌ সগুণ ঈশ্বৰৰ ভক্তিকে শ্ৰেষ্ঠ বুলি মানিছিল। যীশু- খৃষ্ট, কবিৰ, নানক, চৈতন্য, ৰামানন্দ, শঙ্কৰদেৱ প্ৰভৃতি মহাত্মাসকলে ব্ৰহ্মজ্ঞান লাভ কৰিও লোকহিতাৰ্থে ভক্তি-পথকে প্ৰৱৰ্ত্তন কৰি গৈছে। এয়ে প্ৰকৃত সনাতন ধৰ্ম্ম পথ। বেদান্তৰ সাৰ, ভক্তি প্ৰবৰ্ত্তক অমুল্য গ্ৰন্থ ভাগৱত আৰু গীতা এই ধৰ্মৰ ভিত্তি স্বৰূপ। এই ধৰ্ম্মকে শিক্ষা দি অনাৱশ্যক ক্ৰিয়াদি পৰিত্যাগ কৰাই হৰিভক্তি লোকক ৰত কৰাবলৈ পুৰুষাৰ্থ কৰাৰ বাবেই শঙ্কৰ, মাধৱ, দামোদৰ প্ৰভৃতিৰ বিৰুদ্ধে ৰজাৰ গুৰিত স্বাৰ্থপৰ লোকবিলাকে ভিন ভিন সময়ত গোচৰ কৰিছিল। এই মহাত্মাসকলে যেতিয়া ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে তেতিয়া লোকসমাজত ক্ৰিয়া- কাণ্ডৰ আধিপত্য খুব আছিল। এনে কি ক্ৰিয়াবিলাক ক্ৰমে ইতৰ লোকৰ ভিতৰত অনাচাৰত পৰিণত হৈছিলগৈ। অনাচাৰীবিলাকে তেওঁলোকৰ ধৰ্ম্মমত বৌদ্ধমত বুনি নিন্দা কৰিছিল। আৰ্য্য ঋষিবিলাকৰ কেবাযুগব্যাপী অনুশীলনৰ চৰম ফল,আৰ্য্য দৰ্শনৰ সাৰ বেদান্তাদি যি ধৰ্মৰ ভিত্তি সেই ধৰ্ম্মমত শাস্ত্ৰবিৰুদ্ধ বৌদ্ধমত বুলি আজিকালিও কোনো লোকে কবলৈ সাহ কৰে, ইহে আচৰিত। প্ৰকৃত সনাতন ধৰ্ম কি তাক নজনাৰ বাবেই লোকে এনে মন্তব্য প্ৰকাশ কৰে।

 ভগৱাননোক্ত বেদসকল আৰু তদন্তৰ্গত ব্ৰাহ্মণ, সংহিতা আৰু উপনিষদ- বিলাক, ঋষিপ্ৰণীত বেদান্তাদি ষড়দৰ্ষন পুৰ্ব্বাপৰ এতিয়াও আছে। কোনো কালে সেইবিলাক লুপ্ত হোৱা নাছিল। * সেইবিলাক অধিকাৰভেদে ভিন্ন ভিন্ন লোকৰ উপযুক্ত ধৰ্ম্মশিক্ষা থকা স্বত্বেও দেশত অধৰ্মৰ বিস্তাৰ কিয় হল? পৰিত্ৰাণ আৰু ধৰ্ম সংস্থাপৰ অৰ্থে যুগে যুগে কিয় ভগৱানৰ অৱতাৰ আৱশ্যক হয়? বুদ্ধ, মহাৰীৰ, নানকাদি মহাত্মাসকলে কি নিমিত্তে ভিন ভিন সময়ত আবিৰ্ভাৱ হৈ ধৰ্ম প্ৰচাৰ কৰিব লাগিছিল? ইয়াৰ কাৰণ এনে অনুমান হয় যে প্ৰাচীন কালত ইতৰ লোকবিলাকৰ প্ৰকৃত ধৰ্ম্ম শিক্ষাৰ্থে বিশেষ সুবন্দৱস্ত নাছিল। আৰ্য্য ঋষিসকলৰ সময়ত শূদ্ৰাদি


* অতি প্ৰাচীন কালত উপবেদ বা তন্ত্ৰ নামৰ বেদৰ আৰু এটি অঙ্গ থকা জনা যায়। সেইকালত নানা অলৌকিক বিজ্ঞান ৰহস্য আছিল। কোনো কোনোৱে বিশ্বাস কৰে যে বৰ্তমান যুগত সেই শাস্ত্ৰৰ অধিকাৰীৰ অভাৱৰ নিমিত্তে ত্ৰিকালজ্ঞ সকলে সেই- বিলাক লোকৰ অগম্য আশ্ৰমবিলাকত ৰাখিছে। বৰ্তমান যিসকল শাস্ত্ৰ তন্ত্ৰ নামে পৰিচিত সেইবিলাক কস্মিনকালেও বেদৰ অন্তৰ্গত নাছিল।