পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


পূজা তীৰ্থ স্নান॥ কেহো বোলে বেদে কহে জ্ঞানতে যে গতি। গুণৰ ইচছাই বুজে যাৰ যেনে মতি।* * * নছাৰে কৰ্ম্মৰ শোক দুঃখ প্ৰতি দিনে। জ্ঞানতো নাহিক গতি ভকতি বিহনে॥ * * তপ জপ সন্যাস পৰম মহাদানে। নপাৱে আমাক সখি যোগ মহাজ্ঞানে॥ কেৱলে ভকতি একে মোক কৰে বশ্য।” ইত্যাদি। দৰাচলত যি ভক্তি মাৰ্গ আশ্ৰয় কৰে তেওঁৰ কৰ্ম্মত বিশ্বাস নাই। জৈমিনিৰ পূৰ্ব্বমীমাংসাৰ প্ৰবৃত্তি-ধৰ্ম্মৰ ক্ৰিয়া-কাণ্ডৰ শিক্ষা খণ্ডন কৰাৰ কাৰণেই ব্যাসদেৱৰ নিবৃত্তি ধৰ্ম্মৰ উত্তৰমীমাংসাৰ সৃষ্টি যেন অনুমান হয়। বেদান্তৰ শাৰিৰক ভাষ্যকাৰ পূজ্যপাদ শঙ্কৰাচাৰ্য্যই “অথতো ব্ৰহ্মজিজ্ঞাসা" এই আদি সুত্ৰৰ টীকা কৰোঁতে কৈছে যে চিত্ত-শুদ্ধি হে ব্ৰহ্মজিজ্ঞাসাৰ হেতু হব পাৰে। যজ্ঞ হোম আদি কৰ্ম্ম মীমাংসাৰ ক্ৰিয়া তেনে হেতু হব নোৱাৰে। সেইবিলাক বৰং ব্ৰহ্মজিজ্ঞাসাৰ বাধা হে হয়। বহুতে ব্ৰত কৰি বেদাদি অধ্যয়ন কৰে কিন্তু তথাপি ব্ৰহ্মজিজ্ঞাসাৰ নহয়। বহুতে নানা প্ৰাকৃতিক তত্ত্ব বিষয়ৰ জ্ঞান লাভ কৰিব পাৰিছে কিন্তু ব্ৰহ্মতত্ত্ব জানিব নোৱাৰে। বহুতে স্মৃতি তৰ্ক্ দৰ্শন আদিত পাৰ্গত হৈছে কিন্তু ব্ৰহ্মজ্ঞান লাভ কৰিব পৰা নাই। বহুতে নিত্য গঙ্গাস্নান, জপ, তৰ্পণ, দান, দেৱকাৰ্য্য, পিতৃকাৰ্য্য আদি কৰিব লাগিছে কিন্তু তেওঁলোকৰো ব্ৰহ্মজ্ঞানৰ উদয় হোৱা নাই। বেদান্তবাদীৰ মতে ধৰ্ম্ম ক্ৰিয়া আদিৰ দ্বাৰাই যি চিত্তপ্ৰসন্নতা হয় সেয়ে মাত্ৰ তাৰ ফল আৰু জানিত বা অজানিত ভাবে এই ফল প্ৰত্যাশা কৰিয়েই কৰ্ম্ম সাধাৰণত কৰা হয়, সেই বাবে এনে সকাম কৰ্ম্ম ব্ৰহ্মজিজ্ঞাসাৰ অনুকুলনহৈ বৰং প্ৰতিকুল হয়। কৰ্ম্ম নিস্কাম ভাবে কৰিব নোৱাৰিলে চিত্তশুদ্ধি নহয়; অথচ চিত্তশুদ্ধি হলে হে তত্ত্বজ্ঞান হয় আৰু তত্ত্বজ্ঞান হলেহে মুক্তি হয়, শ্ৰৌত বা স্মাৰ্ত্ত কৰ্ম্মৰ সহায়ত নহয়, এই কথা বেদান্তবাদীসকলে ডঢ়াই ডঢ়াই কৈছে। বেদান্ত ব্যাখ্যাকাৰ অদ্বৈতবাদী শঙ্কৰাচাৰ্য্য আৰু বিশিষ্টাদ্বৈতবাদী ৰামানুজ স্বামী উভয়ে এই কথাত মিলে। কিন্তু শঙ্কৰাচাৰ্য্যই জ্ঞানমাৰ্গক, আৰু ৰামানুজে ভক্তিমাৰ্গক শ্ৰেষ্ঠ বুলিছে। জ্ঞানমাৰ্গৰ সোহহং ভাবত ভক্তিৰ স্থান নাই, সেইদেখি ভক্তিমাৰ্গ ভগৱান আত্মাতকৈ বিশেষ অৰ্থাৎ transcendental। এই ভাবেই সৰ্ব্বত্ৰ বৈষ্ণৱ সমাজত প্ৰবল।

 সংসাৰীৰ পক্ষে সোহহং ভাব অসম্ভৱ আৰু অনুপযুক্ত। সংসাৰীয়ে কত খুন, কত জাল, কত চুৰ, কত পৰস্ত্ৰীহৰণ আদি ভয়ঙ্কৰ ভয়ঙ্কৰ পাপ