বিশিষ্ট ৰূপ নাই আৰু হব নোৱাৰে। মাধৱদেৱে লিখিছে ‘যতেক প্ৰাকৃত
আকাৰ বৰ্জ্জিত, ভৈলন্ত যিহেতু হৰি। সেই হেতুতেসে, নিৰাকাৰ নাম,
আছন্ত ঈশ্বৰে ধৰি॥” কিন্তু নিৰাকাৰ বুলি তেওঁ একেবাৰে শূন্য নহয়।
শাস্ত্ৰমতে তেওঁৰ ৰূপ আছে যাক ভক্তসকলে দৰ্শন কৰিব পাৰে। সেই
ৰূপ নিত্যৰূপ, সেই ৰূপেই সৎচিৎ আনন্দৰূপ। সেইৰূপ ভাষাত ব্যক্ত
কৰিব পৰা নাযায়। চৰ্ম-চকুৰে তাৰ দৰ্শন হব নোৱাৰে। অন্তৰ তন্ময়
হলে, ভক্তি-চকু মেল খালে হে সেই নিত্যৰূপ দৰ্শন কৰা যায়। এনে
দৰ্শন লাভ কৰা সৌভাগ্যশালী সিদ্ধ পুৰুষৰ হে হব পাৰেঃ-
“শৃণ্বন্ত বিশ্বেহমৃতস্য পুত্ৰা আ যে ধামানি দিব্যানিতস্থু:
বেদাহমেতং পুৰুষং মহান্তমাদিত্যবৰ্ণং তমসঃ পৰস্তাৎ॥”
হে দিব্যধামবাসী অমৃতৰ পুত্ৰসকল! তোমালোকে শুনা। মই সেই তিমিৰাতীত জ্যোতিৰ্ম্ময় মহান্ পুৰষক জানিছোঁ॥
কিন্তু ভক্তৰ জ্ঞানৰ উন্নতি হৈ যেতিয়া তত্ত্বজ্ঞান পৰিস্ফূত হয় তেতিয়া আৰু ৰূপ দেখা নাযায়। তেতিয়া অখণ্ড সচ্ছিদানন্দ ব্ৰহ্মক উপলব্ধি হয়। ইয়াৰ উপমা যেনে সচিদানন্দ অপাৰ সাগৰ, তাৰ আকাৰ আয়তনৰ কোনো ধাৰণা নহয়। মাজে মাজে ভক্তিৰূপ হিমৰ দ্বাৰা সি বৰফ হৈ আকাৰ ধাৰণ কৰিছে। জ্ঞানসুৰ্য্য উদয় হোৱাৰ পাছত বৰফ গলি যায়, তেতিয়া আকৌ অপাৰ সমুদ্ৰ। “জ্ঞান প্ৰসাদেন বিশুদ্ধ সত্ব স্ততস্ত তং পশ্যতে নিস্কলং ধ্যায়মানঃ” জ্ঞানৰ প্ৰসাদত শুদ্ধচিত্ত লোকবিলাকে ধ্যানমুক্ত হৈ নিৰবয়ব ব্ৰহ্মক উপলব্ধি কৰে। এই অৱস্থা কাৰো হলে “কৰতলন্যস্ত আমলকবৎ” আৰু কোনো সংশয় নেথাকে। “ভিদ্যতে হৃদয়গ্ৰন্থি শ্চিদ্যন্তে সৰ্ব্ব সংশয়া:”
শঙ্কৰদেৱে আৰু মাধৱদেৱে অনাৱশ্যক হোম, যাগ, পুজা, আদি কৰ্ম এৰি ভক্তিকে একান্তমনে ধৰিবলৈ শিকাইছিল আৰু সেই উদ্দেশ্যতে হে ওপৰত উদ্ধৃত কৰা ঘোষাৰ পদ কেফাকি লিখা হৈছিল। তাৰ ঠিক পাছৰ পদৰপৰা ইয়াক ভালকৈ বুজা যায়,-“কৰ্মত বিশ্বাস যাৰ, হিয়াতে থাকন্তে হৰি, অতিশয় দুৰ হোন্ত তাৰ।" শঙ্কৰৰ একাদশ স্কন্ধত আছে, যাৰ যেন মতি কৰে বেদক ব্যাখ্যান। নিজ ধৰ্ম্ম ভকতিক ত্যজি বুজে আন॥ কেহো বোলে বেদে কৱে যজ্ঞ ব্ৰত দান। কতো বোলে ক্ষুদ্ৰ দেৱ