আউজি ত্ৰিভঙ্গভাৱে থিয় হৈ থকা দেখি মহাত্মা ৰামকৃষ্ণ পৰমহংসৰ সমাধি অৱস্থা হৈছিল। ত্ৰিভঙ্গ ৰূপ দেখিয়েই তেওঁৰ ব্ৰহ্মস্ফূৰ্ত্তি হল। কিন্তু beginner-অৰ এনে অৱস্থা হব নোৱাৰে। গতিকে ঈশ্বৰৰ কল্পিত ৰূপৰ মানস-ধ্যান আৱশ্যক। কিন্তু ঈশ্বৰ-বুদ্ধি কৰি মাটি বা শিলৰ প্ৰতিমাক পজা আদি কৰা গৰু সদৃশ মুৰ্খৰ কাম।
“আস্পুদেবা মনুষ্যাণাং দিবি দেবা মনিঘিণাং
কাষ্ঠলোষ্ট্ৰেসু মূৰ্খাণাং মুক্তিস্যাত্মনি দেবতা।”
মাধৱদেৱে লিখিছে,-“অব্যক্ত ঈশ্বৰ হৰি, কি মতে পূজিবা তাঙ্ক,ব্যপকত কিবা বিসৰ্জ্জন। এতাৱন্ত মূৰ্ত্তিশূন্য কোন মতে চিন্তিবাহা,ৰাম বুলি শুদ্ধ কৰাঁ মন॥” ইয়াকে দেখিও বহুতে ভাবে যে শঙ্কৰে সাকাৰ উপাসনাৰ আৰু মাধৱে নিৰাকাৰ ঈশ্বৰৰ সাধনাৰ শিক্ষা দিছিল। বাস্তৱিক ঈশ্বৰ যে নিৰ্গুণ, নিৰাকাৰ নিৰ্ব্বিকাৰ, চৈতন্যস্বৰূপ এই কথা দুয়ো কৈছে। কেৱল ভক্তৰ নিমিত্তে হে তেওঁ সাকাৰ আৰু সগুণ। নহলে অল্পবুদ্ধিৰ মানুহে কেনেকৈ নিৰাকাৰ নিৰ্গুণ ব্ৰহ্মৰ ধাৰণা কৰিব। সেইদেখি লোকে মানবীয় উত্তম গুণবিলাকৰ উৎকৰ্ষ ব্ৰহ্মত আৰোপিত কৰি তেওঁক সগুণ ঈশ্বৰ ভাবে আৰাধনা কৰে। সগুণ ঈশ্বৰৰ আৰাধনা কৰোঁতে কৰোঁতে জ্ঞানোন্নতি হলে শেহত নিৰ্গুণ ঈশ্বৰৰ সাধনাত ধৰিব পাৰি। ওপৰত তুলি দিয়া ঘোষাৰ পদ কেফাকিৰ আগতে লিখিছে,“একান্ত ভকতসৱে, নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত। বৈকুণ্ঠকো পৰিহৰি, ৰোগীৰ হৃদয় এৰি, থাকে হৰি সাক্ষাতে তথাত”। আকৌ ঘোষাৰ এঠাইত আছে, ‘নিৰ্গুণ কৃষ্ণৰ, গুণক প্ৰকাশ, কৰিলা শ্ৰীশঙ্কৰে।” নিৰ্গুণৰ গুণ বাস্তবিক Paradox. ইয়াৰ অৰ্থ এই যে নিৰ্গুণ ঈশ্বৰকে ভক্তসকলে সগুণ ভাৱে আৰাধনা কৰে। সগুণ ঈশ্বৰৰহে সাকাৰ উপাসনা অৰ্চ্চনা আদি বোলা যায়। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ সাধনাৰ প্ৰকৃততে কোনো নাম হব নোৱাৰে; কাৰণ শব্দ বা নাম মাত্ৰেই গুণবাচক। তথাপি যিমান দূৰ ব্যক্ত কৰিব পৰা যায় ভাষাত ইয়াক যোগ বোলা হৈছে অৰ্থাৎ পৰমাত্মাৰ লগত জীবাত্মাৰ মিলন।
এতেকে ঈশ্বৰ নিৰাকাৰ আৰু সাকাৰ। কিন্তু আকাৰ বুজিলে আমি যি বুজোঁ তেওঁ তাৰ অতীত। তেওঁৰ কোনো জড় স্থুল কিম্বা সুক্ষ্মপৰমাণু-