বুলি তুমি তুলি লৈবা। সেহিহে নাতিত আশা কৰি পুৰ্ব্ব পিতৃসব গৈল
ইটো শাস্ত্ৰতে জানিব॥”
ৰামদেৱ গাভৰু গিৰিত সুভদ্ৰাক বিয়া দিয়ে। তেওঁলোকৰ পুত্ৰৰ
নাম অনন্তৰাম (গুপ্ত নাম—জগজীৱন।) অনন্তৰামৰ ৭ জন পুত্ৰ হয়,
(১) ৰাম ৰায়, (২) হৰি ৰায়, (৩) কেশৱ ৰায়, (৪) যাদৱৰায়,
(৫) মাধৱ ৰায়, (৬) বিষ্ণু ৰায়, (৭) কেহো ৰায়। ৰামৰায়ৰ পৰা
হৈছে—উজনিত থকা কোৱামৰা সত্ৰ। কেশৱৰায়ৰ পৰা হৈছে শলগুৰি
সত্ৰ। হৰিৰায়ৰ পুত্ৰ ৩ জন,-(১) প্ৰদ্যুম্ন, (২)সুদ্যুম্ন, (৩) ইন্দ-
দ্যুম্ন । হৰিৰায় আতা বটদ্ৰৱা থানতে অধিকাৰ হৈ আহাৰ মাহৰ কৃষ্ণা
সপ্তমী তিথিত বৈকুণ্ঠ প্ৰয়াণ কৰে। প্ৰদ্যুম্ন আতাও বটদ্ৰৱা থানতে
অধিকাৰ হয়।কেশৱৰায় আতাৰে সৈতে তেওঁৰ মনান্তৰ হৈ, শুকদল
বৰবৰী সত্ৰ থাপন, কৰে। তেওঁৰ পুত্ৰ নাতিসকলে আজিলৈকে সত্ৰ
চলাই আছে। কনিষ্ঠ ইন্দ্ৰদ্যুম্ন আতাই ইটাখুলি নামে সত্ৰ পাতে। তাতো
তেওঁৰ পুত্ৰ নাতিসকলে আজিলৈকে সত্ৰ চলাই আছে। মধ্যম সুদ্যুম্ন
আতাই শুকদল সৰুবৰী নামে সত্ৰ থাপনা কৰে।
অনন্তৰাম আতাৰ পুত্ৰ নাতিসকলৰ সত্ৰ-বটদ্ৰৱা, শুকদল, বৰবৰী শুকদল,সৰুবৰী ইটাখুলি, নসত্ৰ, আইভেটি, ঘিলাধাৰী, (উজনিত) কোৱামৰা, শলগুৰি; (ভাটীত) লেতেৰি, ইত্যাদি।
মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছতো ভেলা সত্ৰ আছিল। বুঢ়ীৰ পো-গোবিন্দ ভেলা সত্ৰৰ অধিকাৰ হয়, আৰু বীৰনাৰায়ণ ৰজাই তেওঁক ভক্তি কৰিছিল। তেতিয়া টোৰাচা নৈয়ে সেই সত্ৰ খহাই নিলত, বুঢ়ীৰ-পো গোবিন্দ অধিকাৰে ৰজাক জনাই মধুপুৰত পত্ৰ পাতিলেগৈ। পুৰ্ব্বে শঙ্কৰদেৱ আৰু মাধৱদেৱ তীৰ্থলৈ যাওঁতে সেই মধুপুৰতে মধু ভোজন কৰিছিল, আৰু শ্ৰীশঙ্কৰদেৱে তেতিয়া কৈছিল যে এই মধুপুৰ থান পিছত প্ৰকাশিত হৈ বিখ্যাত হব। সেইদেখি, ভেলা থানটোৰাচাই খহালত মধুপুৰলৈকে সত্ৰ নিয়া হল। ৰজাই আগত থাকি ভেলা থানৰ ভেটিৰ মাটি কোৰেৰে চপৰাচপৰে খনাই ভৰোৱাই লৈ গৈ মধুপুৰ থানৰ ভেটিত দিওৱাই ভেলাথানৰ ধূলাৰ চিন ৰখাইছিল। ভেলাত মাথোন এচুকত এক মাটি আছিল, আৰু খহোৱা ঠাইত বালি পৰিছিল। পাছে তাতে পুৰুষোত্তম ঠাকুৰে ঠাই উলিয়াই আকৌ ভেলাৰ থান পাতি সেই থানতে অনেক দিন থাকি কালক্ৰমত বৈকুণ্ঠপ্ৰয়াণ কৰে। 19