দেখিলা ভাৰ্য্যায়ে তান মৰিলন্ত স্বামী।
মনত হৰিষে তেহো ভৈলা অনুগামী॥
কুসুমৰ মাতৃ শঙ্কৰৰ বুঢ়ী আই।
তেঁহে তুলিলন্ত বৰ ভৈলা দুয়ো ভাই॥
—দৈতাৰি।
ঈশ্বৰৰ অংশ বা পূৰ্ণাৱতাৰ বুলি যিসকল মহাপুৰুষ প্ৰসিদ্ধ, তেওঁলোকৰ জীৱনৰ ঘটনাবোৰত, বিশেষকৈ আগডোখৰৰ ঘটনাবোৰত অলৌকিকতাৰ সংমিশ্ৰন থাকে বুলি আমি আগতে কৈ আহিছোঁ। শঙ্কৰদেৱ, চৈতন্যদেৱ,পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণৰ অৱতাৰ বুলি তেওঁলোকে প্ৰৱৰ্ত্তোৱা ধৰ্ম্মমতাৱলম্বীসকলৰ ভিতৰত স্বীকৃত দেখি তেওঁলোকৰ পন্থীয়া চৰিত্ৰ-লিখকসকলে তেওঁলোকৰ বাল্যজীৱনৰ ঘটনাবোৰত শ্ৰীকৃষ্ণৰ বাল্যজীৱনৰ ঘটনাবোৰৰ সাদৃশ্য উলিয়াই বৰ্ণনা কৰে। এই কাৰণৰ নিমিত্তেই আমি শঙ্কৰৰ বাল্যলীলাত কৃষ্ণৰ বাল্যলীলাৰ ছা চৰিত্ৰৰ পুথিবিলাকত পাওঁ। গোটাচেৰেক উদাহৰণ তলত দিলোঁ :--
এদিন কুসুমবৰৰ ভনীয়েকে নব-প্ৰসূতা বালক শঙ্কৰক চাবলৈ আহি অশুচি গাৰে কোলাত লোৱাত, তেওৰ (পেহীয়েকৰ) চকু থিৰ হৈ তেওঁ বিমূৰ্চ্ছিত হৈ ঢলি পৰিছিল। এই ঘটনাটো শিশু কৃষ্ণ আৰু পুতনাৰ ঘটনাৰে সৈতে মিলোৱা হয়।
এদিন শিশুক শয্যাত শুৱাই থওঁতে শোৱা ঘৰটি ভাগি পৰিল,কিন্তু সি শঙ্কৰৰ গাত নালাগি আলাসতে ৰৈ আছিল। এই ঘটনাক, শ্ৰীকৃষ্ণই লাথি মাৰি শকট ওলোটাই পেলোৱাৰে তুলনা কৰা হয়।
এদিন শিশু শঙ্কৰক ঘৰৰ ভিতৰত শয্যাত শুৱাই থোৱাত চকৰী-ফেটী সাপ এটাই ফণা তুলি তেওঁৰ মূৰত ছত্ৰ ধৰি আছিল। এই কাৰ্য্য তেওঁৰ বাইমাক চন্দৰীয়ে দেখা পাই ভয় খাই লৰি গৈ বুঢ়ীমাক খেৰসূতীক কোৱাত খেৰসূতীয়ে লৰি গৈ শঙ্কৰক সাৱটি ধৰাত সাপটো গুচি গ'ল। এই ঘটনাও কৃষ্ণৰ মূৰৰ ওপৰত অনন্তই ফণাৰে ছত্ৰ ধৰাৰে ৰিজোৱা হয়।
শিশুকালৰেপৰা শঙ্কৰৰ লগৰীয়া ৰামৰাম গুৰু। ৰামৰাম, চণ্ডীবৰেৰে সৈতে একেলগে অহা কৃষ্ণ পণ্ডিতৰ বংশধৰ। কৃষ্ণ পণ্ডিতৰ পুতেক যজ্ঞেশ্বৰ; তেওঁৰ পুতেক নৰোত্তম; তেওঁৰ পুতেক মৃত্যুঞ্জয়; তেওঁৰ পুতেক চতুৰ্ভুজ, চতুৰ্ভুজৰ পুতেক ৰামৰাম। ৰামৰাম শঙ্কৰতকৈ পাঁচ বছৰৰ ডাঙৰ আছিল। ৰামৰাম গুৰুক মহাপুৰুষীয়া চৰিত্ৰ-লিখকসকলে ব্ৰহ্মাৰ অৱতাৰ বুলি কয়।