পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

গুৰুজন মাধৱদেৱৰ ঘোষা থাকোতে তাৰ উপৰি ঘোষা কৰি অনিয়মৰ কাৰ্য্য কৰিলে। ইয়াকে ভাবি, তেওঁ ৰচনা কৰা নৱঘোষা পুথিখন এপাত এপাত কৈ জুইত পেলাই পুৰি থাকোতেই, বৰভকতিয়ে দেখি তেওঁৰ হাতত থকা বাকী পাতকেইটি নুপুৰিবলৈ কৈ প্ৰাৰ্থনা কৰি খুজি ৰাখি কলে,“ইয়াৰ দুটি এটি ঘোষা আমি প্ৰসঙ্গৰ অন্তত গাবলৈ থাকক।” এই বুলি সেই কেইটি পাত তেওঁ ৰাখিলে।

 ইয়াৰ পিছত চতুৰ্ভুজ ঠাকুৰদেৱে পাটবাউসীলৈ আহি মাকক প্ৰতিপাল কৰি থাকিবলৈ ধৰিলে। কিন্তু তেওঁলোকৰ বংশ জ্ঞাতিসকলে কথায় কথায় তেওঁলোকক হিংসা কৰি থাকে। এই কথা শুনি মাধৱদেৱৰ ভগ্নী উৰ্ব্বশীয়ে ৰামচৰণক পঠিয়াই গুৰু-পত্নীক ঠাকুৰ আৰু বোৱাৰীয়েকসকলেৰে সৈতে সুন্দৰীলৈ তুলি লৈ গৈ প্ৰতিপাল কৰি থাকিবলৈ ধৰিলে। গুৰু-পত্নী বৰ বুঢ়ী হৈছিল, আন কি তেওঁৰ বোৱাৰীয়েকসকলো বুঢ়ী হৈছিল। উৰ্ব্বশীৰ প্ৰতিপালত থাকি শঙ্কৰদেৱৰ পত্নী সুন্দৰীদিয়াতে পৰলোকলৈ যায়। ঠাকুৰসকলে আই গোসানীৰ শ্ৰান্ধবিধি মহামহোৎসৱ সমাৰোহ কৰি সম্পন্ন কৰিলে।

 ইয়াৰ পিছত বৰঠাকুৰ পুৰুষোত্তম জনিয়ালৈ গৈ তাত কিছুদিন থাকি বেহাৰলৈ গৈ ভেলা থানতে ভাৰ্য্যা আৰু সেৱকসকলেৰে সৈতে নিবাস কৰি থাকিল।

 চতুৰ্ভুজ ঠাকুৰ বিষ্ণুপুৰলৈ গৈ তাতে থাকিল। বিষ্ণুপুৰ থান তামৰঙ্গা বিলেৰে চাৰিউফালে বেঢ়া। তালৈকে বাৰজন সন্ত গৈ ঠাকুৰক সেৱা শুশ্ৰুষা কৰি তেওঁৰ ওচৰত ধৰ্ম্মক ধৰিলে। চতুৰ্ভুজ ঠাকুৰে সেই বাৰজন সন্তক ধৰ্ম্মাচাৰ্য্য পাতি উজনিলৈ পঠিয়ালে। তেওঁলোকে পতা সত্ৰকে সৰুবাৰজনীয়া বোলে। সেই বাৰজনৰ নাম-কানাই, হৰিচৰণ, ৰামভদ্ৰ, ৰত্নাকৰ,ৰতিকান্ত, গোবিন্দ, জয়কৃষ্ণ, গোপীনাথ, বিষ্ণু, মুকুন্দ, ৰঘুপতি, সনাতন। সনাতনৰপৰা বেলশিৰীয়া সত্ৰ হল। জয়কৃষ্ণৰপৰ খেৰকটীয়া সত্ৰ হল। গোপীনাথৰপৰা কাৱৈমৰীয়া সত্ৰ হল। কানাইৰপৰা চুঙাপাৰ সত্ৰ, কানুৰপৰা উজানিয়াল সত্ৰ, যদুমণিৰপৰা আধলীয়া সত্ৰ হল, (যদুমণিক কোনো সাধুৱে সতানন্দও বোলে)। হৰিচৰণৰপৰা ললিতি সত্ৰ, ৰতিকান্ত আচাৰ্যৰপৰা নেপালি সত্ৰ, ৰঘুপতি দ্বিজৰপৰা বনগঞা সত্ৰ হল। ইত্যাদি।