পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এয়োত্ৰিংশ অধ্যায়

সামৰণি

 হৰিচৰণ ঠাকুৰে তেওঁৰ দুই পুত্ৰৰে সৈতে পাটবাউসীত মাতৃক প্ৰতি- পাল কৰি আছিল। তাতে পীড়াযুক্ত হৈ হৰিচৰণ ঠাকুৰৰ মৃত্যু হয়। বৃদ্ধা মাতৃ পুত্ৰশোকত আৰু ভাৰ্য্যা স্বামীশোকত কাতৰা হৈ পৰিল। সকলো সেৱকে তেওঁলোকক অনেক প্ৰবোধ দি সান্তনা কৰি খোৰা নদী তীৰত হৰিচৰণ ঠাকুৰৰ শৱৰ কাঠ-সংস্কাৰ কৰিলে। কিন্তু ঠাইডোখৰ পৰিস্কাৰ কৰা হোৱা নাছিল। ঠিক এনে সময়তে উজানৰপৰা বদুলা আতাই নাৱেৰে আহি সেই খিনি পাই, কাক দাহ কৰা হল শুধি জানি, বৰ বিষাদ কৰি তেতিয়াই আধা পোৰা কাঠ আৰু ছাইবিলাক নৈত পেলো- ৱাই ঠাই ডোখৰ পৰিস্কাৰ কৰোৱাই, চিলিঙিৰে বেঢ়ি তাৰ চাৰিউফালে কলগছ ৰোৱাই, ওপৰত চন্দ্ৰতাপ তৰোৱাই দিয়ালে। সেই দিনা বদুলা আতা উপবাসে থাকি, পিছদিনা পুৱা বৰপেটা থানত প্ৰবেশ কৰি মথুৰা- দাস আতাৰে সৈতে কিছু দিন আনন্দমনেৰে থাকিল। ইয়াৰ পিছত বদুলা আতাই পাটবাউসীলৈ গৈ শঙ্কৰদেৱৰ ভাৰ্য্যা আই-গোঁসানীক সেৱা কৰিলে, আৰু লগত লৈ যোৱা দ্ৰব্য বস্তু তেওঁক দি, ঠাকুৰ দুজনকো মহা আদৰ সন্মান কৰি বিদায় লৈ আহিল।

 পুৰুষোত্তম ঠাকুৰলৈ মাকে তিনি জনা কন্যা বিবাহ কৰাই আনিলে; চতুৰ্ভুজ ঠাকুৰকো বিবাহ দিলে; তথাপি কাৰো পুত্ৰসন্তান নহল, কন্যা হে হল।

 কিছু কালৰ পিছত বৰভকতিকে আদি কৰি বাৰজন বিশিষ্টলোকে বৰঠাকুৰ পুৰুষোত্তমৰ পৰা ধৰ্ম্মক লভি, ধৰ্ম্মাচাৰ্য্য় হৈ তেওঁৰ আজ্ঞা পাই উজানলৈ আহি সত্ৰ কৰিলে। বৰঠাকুৰৰ পৰা হোৱা সেই সত্ৰবোৰ