পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


মুৰাৰি আতৈ, আলধৰা গোবিন্দ আতৈ, আৰু জয়হৰি আতৈ এই চাৰিজনে আতাক কান্ধত কৰিলে। ভক্তসকলে যাত্ৰাঘোষা গাই সমাৰোহ কৰি লগত আহিল। টুনিনৈৰ পাৰত আতাৰ কাঠসংস্কাৰ কৰা হল। ইয়াৰ পিছত দশ পিণ্ডাদি আৰু মাহেকীয়া তিথি মহামহোৎসৱ কৰি সম্পাদন কৰা হল।

 বদুলা আতাৰ পিছত শ্ৰীৰাম গুৰু কমলাবাৰী সত্ৰৰ অধিকাৰ হল।