কৰুণাময় আছে।” আতাই কলে “কৰুণাময়ক মই সেই কাৰ্য্যৰ যোগ্য
নেদেখোঁ। বিশেষ গুৰুজনৰ আগত মোৰ কোনো নাই বুলি মই কৈ
আহিছোঁ। এতেকে কৰুণাময়ক মই কেনেকৈ বোলো?” “আৰু এক
কথা কহোঁ শুনা সাধসন্ত। যৈসানি আমাক তেহোঁ হিংসা কৰিলন্ত।
তৈসানি তাসম্বাক পৰিত্যাগ কৈলোঁ । হৰিচৰণক আনি আমি সঙ্গে
লৈলোঁ। বৈৰাগ্য ধৰ্ম্মৰ কেহোঁ বংশ নাহিকয়। সিকাৰণে তাহাঙ্ক
নানিবা সাধুচয়॥ গুৰুজনে মহাধৰ্ম্ম নিদিলে পুত্ৰক। মধুপুৰে থাপিলন্ত
অচ্যুত গুৰুক॥**সেৱা ধৰি আছিলন্ত ৰামচৰণ। পুত্ৰ বোধে পষিলন্ত
আপোন ভাগিন॥ তাহাঙ্ক নিদিলা ধৰ্মসৰে গুৰুদেব। **বৰপেটা
স্থান বুঢ়া আতাক দিলন্ত॥** দদা খুৰা আন বুলি ভক্তক হিংসিব।
সৰ্ব্বস্ব আগ্ৰহি লৈ উদৰ ভৰিব।” এতেকে মই সমুহত ধৰ্ম্মক থাপিলো।”
এনেতে সমূহ ভকতসকলে কলে হৰিচৰণৰ কনিষ্ঠ ভ্ৰাতা শ্ৰীৰাম আছে।
শ্ৰীৰাম ধৰ্ম্মত নিপুণ, পৰম মহন্ত, তেওঁকে আমি যোগ্য দেখিছোঁ; কৃপা
কৰি বাপ, তেওঁকে ধৰ্মৰ প্ৰতিপালক হবলৈ আজ্ঞা দিয়ক।” এই কথা
শুনি আতাই কলে “শ্ৰীৰাম যমদগ্নি। যি হওক, তেওঁকে যদি তোমালোকে
ভাল দেখিছা, ময়ো তেওঁকে বুলিলোঁ।” ইয়াৰ পিছত ভকতসকলে আতাক
শুধিলে “বাপ, তোমোৰাৰ পিণ্ড-জলাঞ্জলি কোন জনে দিব?” আতাই
কলে “জয়হৰিয়ে সেই কাৰ্য্য কৰিব।” এই বুলি আতা মৌন হল।
পুৱা সেই সময়ত কীৰ্তন ঘৰত গায়নসকলে “গোবিন্দ চিন্তহু বাল গোপালং”
এই গীতটি গাইছিল। আতাৰ শৰীৰৰ বিচেষ্টাৰ কথা শুনি গায়নসকলে
গীত গাবলৈ এৰি আতাক বেঢ়ি ধৰিলেহি। আতাই তেওঁলোকক “কিয়
গীত গোৱা এৰি আহিলা, যোৱা। গোৱাগৈ” বুলি কলত তেওঁলোকে
কীৰ্ত্তন ঘৰলৈ গৈ আকৌ গীত গাবলৈ ধৰিলে। ইয়াৰ পিছত গায়ন
সকলে “জয় জয় নন্দনন্দন পৰমানন্দ বলো বাল গোপালং" এই গীতটি
গাই থাকোতেই আতাৰ কিছু বিকল অৱস্থাৰ কথা শুনি তেওঁলোকে আহি
আতাক আৱৰি ধৰিলে। আতাক বাহিৰলৈ উলিয়াই অনা হল। মুদৰি
আতৈৰ হৃদয়ত আতাই আউজি জাপ্যমালা হাতত লৈ, উদ্ধবাহু হৈ,আপোনাৰ
আত্মাক পৰমাত্মাক থাপনা কৰি ৰাম নাম উচ্চাৰণ কৰি ভাদ মাহৰ শুক্ল
একাদশী ডেৰ প্ৰহৰ বেলিকা মানৱলীলা সম্বৰণ কৰিলে। জগন্নাথচৰণ,
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৮১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ