পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


এই কথা শুনি বৰজনে মুদৈৰ ঘৰত ভোজন কৰি নিজৰ ঘৰলৈ উভতি গল।

 ইয়াৰ পিছত এদিন হৰি আতৈয়ে আতাক কলে “বাপ, আমি ভাল মাটি এড়োখৰ চাই লৈ বেলেগে ভালকৈ এখন সত্ৰ কৰিব লাগিল। মুদৈৰ ভেটিত থাকিলে আগলৈ সকলোৱে আমাৰ সত্ৰৰ নাম মুদৈৰভেটি বুলি হে কব।” আতাই কলে ‘‘আমাক সত্ৰ কৰিবলৈ কোনে ভাল মাটি এড়োখৰ দিব ?” হৰিচৰণ আতৈয়ে কলে “এটা উপায় আছে,-পুৰুষোত্তম বৰুৱাৰ কমলাটেঙাৰ সুন্দৰ বাৰী এখন আছে; ৰাজাই সেই বাৰীখন বৰুৱাক দিছে। সেই বাৰীখনকে তেওঁক খুজিলে তেওঁ আমাক দিব।” এই কথা শুনি আতাই বাৰীখন খুজিবলৈ বৰুৱাৰ ওচৰলৈ ভকত পঠিয়াই দিবলৈ হৰি আতৈক কলত হৰি আতৈয়ে পুৰুষোত্তম বৰুৱাৰ ওচৰলৈ ভকত পঠিয়াই দিলে। বৰুৱাই ভকত অহা দেখি সমাদৰ কৰি আতাৰ বাৰ্তা পুছিলে। ভকতে আতাৰ বাৰ্তা কৈ তেওঁৰ টেঙানি বাৰীখন আতাই সত্ৰ কৰিবলৈ খুজিছে বুলি বৰুৱাক কলত, বৰুৱাই মহাৰংমনেৰে তেতিয়াই তেওঁৰ কমলাটেঙাৰ বাৰীখন আতাক সত্ৰ কৰিবলৈ দান কৰিলে। তাতে নামঘৰ, মণিকুট, ভকতৰ হাটীবহা পুখুৰী ইত্যাদি নিৰ্ম্মাণ কৰাই সুন্দৰকৈ সত্ৰ কৰা হল; আৰু সেই সত্ৰৰে নাম কমলাবাৰী সত্ৰ। 

 কমলাবাৰী সত্ৰতে নাম ধৰ্ম প্ৰকাশ কৰি বদুলা আতা কিছু দিন আছে; এদিন হৰিচৰণ আতৈয়ে আতাক প্ৰাৰ্থনা কৰিলে “বাপ, মোৰ এটি বাঞ্চা আছে, সিদ্ধি কৰিব লাগে।” আতাই উত্তৰ দিলে “নিশ্চয় তোমাৰ বাঞ্চা সিন্ধি হব, কোৱাঁ।” হৰি আতৈয়ে কলে “বাপা, আপুনি থাকোতেই যেন মোৰ শৰীৰ পৰে।” এই কথা শুনি আতাই খেদ কৰিবলৈ ধৰিলে। ইয়াৰ কিছু দিনৰ পিছতে হৰিচৰণ আতৈয়ে পৃথিবী পৰিত্যাগ কৰিলে। কিছুদিনৰ পিছত আতাৰ শৰীৰ অসুস্থ হোৱা দেখি ভকত সকলে আতাক প্ৰাৰ্থনা কৰি শুধিলে “বাপ, তোমাৰাৰ শৰীৰ অসুস্থ হল। তোমো- ৰাৰ পিছত কোনে ধৰ্মক আৰু ভক্তবস্তক পালিব, কাক আমি সেৱা কৰিম- হঁক ?” আতাই কলে “মই নো কি কম, যি ধৰিব হাতী, সি পলাল দুভাগ ৰাতি; হৰিচৰণে আমাৰ আগেয়ে এৰিলে। ধৰ্মৰ ভাৰ লব পৰা লোক তো মই কাকো নেদেখোঁ।” ভকতসকলে কলে “তোমোৰাৰ ভতিজা