পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

 সন্তৰাম দৈবজ্ঞই নিৰ্ণয় কৰি কলে যে, শঙ্কৰদেৱৰ ধনু ৰাশি, দেৱ গণ, ৰোহিণী নক্ষত্ৰ, আৰু মাহেন্দ্ৰ যোগত জন্ম।

 তেওঁৰ প্ৰকাশ্য নাম শঙ্কৰ, গুপ্ত নাম গঙ্গাধৰ। তেওঁৰ দহোটা নাম- শঙ্কৰ, গঙ্গাধৰ, মহাপুৰুষ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, গোমোস্তা জগন্নাথ।

 দৈতাৰি ঠাকুৰৰ পুথিত আছে—

“শঙ্কৰৰ বৰত পুত্ৰক লভিলন্ত।
এতেকে শঙ্কৰবৰ নামক থৈলন্ত॥
গুপ্ত নাম তাহান থৈলন্ত গঙ্গাধৰ।”

 শঙ্কৰৰ জন্মৰ তিন দিনৰ অন্তত মাক সত্যসন্ধাৰ মৃত্যু হয়;* সেইদেখি বুঢ়ীমাক (কুসুমবৰৰ মাক) খেৰসূতীয়ে শঙ্কৰক তুলি-তালি ডাঙৰ-দীঘল কৰে। কোনো কোনো চৰিত্ৰ-পুথিত এই কথাৰ লৰ পোৱা যায়। তাত শঙ্কৰলৈ ছোৱালী খোজাৰ পিছত হে সত্যসন্ধা ঢুকুৱাৰ কথা পোৱা যায়। বৰদোৱাৰ গুৰুচৰিত্ৰ পুথিত আছে যে শঙ্কৰদেৱে সূৰ্য্যাৱতীক বিবাহ কৰাৰ কিছুদিনৰ পিছত কুসুমবৰৰ মৃত্যু হয়; আৰু তাৰ কিছুদিনৰ পিচত সত্যসন্ধাৰ মৃত্যু হয়। দৈতাৰি ঠাকুৰৰ পুথিত আছে, শঙ্কৰৰ জন্মৰ কিছু দিনৰ পিছত কুসুমবৰৰ পৰলোক হয়; আৰু তেওঁৰ পত্নী সত্যসন্ধা সতী যায়; শঙ্কৰক তেওঁৰ বুঢ়ীমাক খেৰসূতীয়ে তুলি-তালি ডাঙৰ কৰিছিল :--

“তাত পাছে যেন ভৈল তাক শুনিয়োক।
কতো দিনে কুসুম গৈলন্ত পৰলোক॥


 *আমাৰ ঘৰত শঙ্কৰদেৱ তিথিৰ কীৰ্ত্তনৰ তৃতীয় দিনৰ দিনা পুৱা পিতৃদেৱতা দীননাথ বেজবৰুৱাই চৰিত্ৰ তোলোতে কোৱা আমাৰ মনত আছে যে শঙ্কৰদেৱৰ মাতৃ শঙ্কৰদেৱৰ জন্মৰ তিন দিনৰ অন্তত ঢুকায়। কোৱা বাহুল্য যে মহাপুৰুষীয়া সম্প্ৰদায়ৰ নাম প্ৰসঙ্গ নীতিনিয়ম আৰু গুৰুসকলৰ চৰিত্ৰ, ধৰ্ম্ম, কৰ্ম্ম সম্পৰ্কে আমাৰ পিতৃদেৱতা authority স্বৰূপে মান্য আছিল। এই মহাপুৰুষীয়া সত্ৰসকলৰ অনেক সন্ত সাধু ভকতসকলে নাম প্ৰসঙ্গৰ বিশুদ্ধ প্ৰণালী আৰু দুই মহাপুৰুষ শঙ্কৰ মাধৱৰ চৰিত্ৰৰ অনেক গোপনীয় তত্ত্ব তেওঁৰ ওচৰত শিকিবলৈ অহা আমি দেখিছিলোঁ; সেইদেখি এই বিষয়তো তেওঁৰ মতকে গ্ৰহণীয় বুলি আমি বিবেচনা কৰিলোঁ। বিশেষ, শঙ্কৰদেৱৰ বাল্যকালত তেওঁৰ বুঢ়ীমাক খেৰসুতীক হে শঙ্কৰৰ তদাৰক লোৱাৰ সকলো বিষয়তে পোৱা যায়, মাক সত্যসন্ধাক পোৱা নাযায়। গতিকে 'ওপৰত কোৱা এই মতকে সঁচা বুলি নিঃসন্দেহে ধৰি লব পাৰি।

 স্নেহাস্পদ দ্বাৰিকানাথ গোস্বামীয়ে (মধুমিশ্ৰ সত্ৰ) কয়—“১৩৭৬ শকত শঙ্কৰৰ পিতৃ স্বৰ্গী হয়, আৰু মাক সতী যায়।”