পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

 তিপামত গোপী আতৈ নামে এজন আছিল। তেওঁ মধুপুৰ থানলৈ গৈ বুঢ়ীৰ-পো-গোবিন্দ আতৈ অধিকাৰৰ ওচৰত ধৰ্ম্মক ধৰিলে। গোবিন্দ অধিকাৰে গোপী আতৈক এই বুলি কৈ পঠিয়াই দিলে-শুনা গোপী, তুমি তোমাৰ দেশলৈ যোৱা, উজনিৰ বাপু ধৰে ধৰ্ম্মক প্ৰকাশ কৰি তোমাৰ ওচৰতে আছে, তেওঁকে ভক্তি সেৱা কৰি সৰ্ব্বধৰ্ম্ম পাবা।" এই আজ্ঞা শুনি গোপী আতৈ উজাই আহি বদুলা আতাৰ পাশ পাই আতাক সেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে। বদুলা আতাৰ আজ্ঞাত গোপী আতৈয়ে তিপামতে জৰাবাৰী সত্ৰ কৰিলে। আৰু তাৰপৰা বদুলা আতাৰ ওচৰলৈ অহাযোৱা কৰি সেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে।

 বদুলা আতা মুদৈভেটিত থাকোঁতে ৰত্ন দলৈ আতৈ, দামোদৰ টকৌ- বৰীয়া বৰুৱা, কৌপতীয়া বৰুৱা, পৰীক্ষিত কোঁৱৰ, অনন্ত কটকী, তেলীয়া হাজৰিকা, চিনাতলীয়া আতৈ, কৰুণা ভুয়াঁ আদি অনেক লোকে তেওঁক প্ৰাৰ্থনা কৰি তেওঁৰ ওচৰত ধৰ্ম্মক ধৰিলেহি।

 দিখৌমুখৰপৰা আতাৰ জ্যেষ্ঠ ভ্ৰাতা শঙ্কৰদাস আতাৰ ওচৰত ওলালগৈ। তেওঁক দেখি আতাই এনে উচচাৰণ কৰিলে “মোৰ ওচৰলৈ চোৰ কিয় আহিল।” এই কথা শুনি বৰজনে ভাবি নেপালে যে তেওঁক কিয় চোৰ বোলা হল। তেওঁ হৰি আতৈৰ ওচৰলৈ গৈ এই কথাৰ মানে শুধিলত হৰি আতৈয়ে তেওঁক বুজাই কলে যে তেওঁক ৰাম নামৰ চোৰ বুলিছে, তেওঁ নাম প্ৰসঙ্গ নকৰে দেখি। শঙ্কৰদাসে কলে “মোৰ ঘৰ নাই, দুৱাৰ নাই, বইবন্তু একো নাই, মই কেনেকৈ নাম প্ৰসঙ্গ কৰিম?” হৰি আতৈয়ে কলে “তুমি বন্ধু পৰিজন লৈ প্ৰৱৰ্ত্তি আছা, নাম লৰ নোৱাৰা কিয়? নাম লবলৈ ঘৰ দুৱাৰ দ্ৰব্য বস্তু একো নালাগে।” এই কথা শুনি শঙ্কৰদাস বিষাদিত মনেৰে ঘৰলৈ গল। আকৌ এদিন শঙ্কৰদাসে ভায়েকৰ ওচৰলৈ আহি কলেহি যে “মোক চাউল সিজাই দিয়া, তোমাৰ ইয়াতে থাকি ভোজন কৰিম।” বদুলা আতাই কলে “মোৰ ঘৰবাৰী দ্ৰব্য বস্তু সকলোকে তুমি কাঢ়ি ললা, ঘৰ এৰি দূৰত থাকোঁতেও তুমি মোক নগুৰ্নাগতি কৰিবলৈ এৰা নাছিলা; সেইদেখি মই সকলোকে ত্যাগ কৰিলোঁ। মোৰ গুৰুজনৰ আগত মোৰ কোনো নাই বুলি মই কৈ আহিছোঁ; সেইদেখি মোৰ বংশ পৰিয়াল ককাই ভাই কোনো নাই। তুমি মুদৈৰ ঘৰতে ভোজন কৰা গৈ।”