তাৰপৰা পৰশুৰাম মুদৈৰ বাৰীলৈ আহি তাত আতা ছমাহ আছিল। তাৰপৰা
তেওঁ ডঢ়ীয়া মুকুন্দৰ ঠাইলৈ গৈ তাতে ছমাহ আছিল। সেই ঠাইৰপৰা
মুৰাৰি আতৈৰ ঠাইলৈ গৈ তাত আতা দুবছৰ নামধৰ্ম্ম প্ৰকাশ কৰি আছিল।
এই ঠাইৰপৰা তেওঁ গৈ নিতাই পৰমাই আতৈৰ ঠাইত ৰলগৈ; তাতো আতা
ছমাহ মান আছিল। এই ঠাইৰপৰা আতা মুৰাৰি মুদৈৰ ভোটিলা গল;
মুদৈয়ে তাতে নতুন ঘৰ আতালৈ সজাই দিয়ালে; ভকত সকলেৰে সৈতে
তাতে আতা অনেক কাল আছিল। আতাই কিন্তু ভকতসকলেৰ সৈতে
ৰজালৈ সদায় সভয় হৈ আঁৰ হৈ থাকে। এদিন আতাই মুদৈক ৰজাৰ
কুশল বাৰ্ত্তা শুধি কলে “ৰজাই কি আমাৰ ভু পাইছে; আমাৰ কথা বাৰ্ত্তা
ৰজাই শুধেনে? ৰজা কুশলে থাকিলেই প্ৰজাৰো কুশল হয়, এতেকে
ৰজাৰ আমি সততে কুশল কামনা কৰোঁ। ৰজাই যদি আমাৰ কথা তোমাক
শুধে তুমি আমাৰ কথা কবা।” ইয়াৰ পিছত এদিন ৰজাই কথায় কথায়
মুদৈক শুধিলে “হয় নে তোমাৰ বাৰীত বোলে এজন মহাজন আছে?
তুমি তেওঁক আমাত আৰ কৰি ৰাখিছা?" মুদৈয়ে উত্তৰ দিলে হয়
সৰ্গদেৱ, এজন নিৰ্ব্বিকাৰ শুদ্ধ সত্ত্বগুণীয়া সাধু মহাজন মোৰ বাৰীতে আছে;
তেওঁ ঈশ্বৰৰ নাম কীৰ্ত্তনৰ বাহিৰে আন একো নাজানে।” ৰজাই মুদৈক
কলে “তেওঁক তুমি মোৰ ওচৰলৈ সোনকালে লৈ আহিবা।" আতাক
এই কথা মুদৈয়ে কলত, হৰি আতৈৰ সৈতে ভক্তসকলক লগত লৈ আতা
ৰজাৰ ওচৰ পালে গৈ। ৰজাই আতাক দেখি পৰম শ্ৰদ্ধাবান হৈ তেওঁ
কেনেকৈ কি ধৰ্ম প্ৰচাৰ কৰিছে সকলো সুধি শেহত কলে “তোমাক কি
লাগে কোৱাঁ।” তোমাক মানুহ দুনুহ মাটিবাৰী ধন-সম্পত্তি কি লাগে কোৱা
মই দিওঁ।” আতাই বিনয় বচনেৰে উত্তৰ দিলে “মহাৰাজ, মোৰ সেইবোৰ
একো নালাগে; মাথোন মোক ইয়াকে দিয়ক, যেন ভকতসকলে গল
মেলি মুখ ভৰি নিৰ্ভয়ে হৰিৰ নাম গাই থাকিব পাৰে। আৰু কোনেও
যেন আমাৰ ভক্তক নধৰে আৰু বিঘিনি নকৰে, মোক অনুগ্ৰহ কৰি এই
নিৰ্ভৰ দিয়ক।” আতাৰ এনে প্ৰাৰ্থনা শুনি আতাক প্ৰশংসা কৰি ৰজাই
ফলে “আজিৰপৰা তুমি তোমাৰ ভক্তসকলেৰে সৈতে নিৰ্ভয়ে হৰিনাম
লোৱাঁ, একো শঙ্কা নকৰিবা।” ইয়াৰ পিছত ৰজাৰপৰা বিদায় লৈ
আতাই মাদৈভেটিলৈ আহি ভকতসকলেৰে সৈতে আনন্দ কৰি হৰিগুণ গাই
থাকিবলৈ ধৰিলে।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৭৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ