পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


কীৰ্ত্তন ধৰ্ম্ম প্ৰকাশ কৰি আছিল। ডেবেৰাপাৰৰপৰা তেওঁ আকৌ পচতিয়া- ভেটিলৈ গৈ তাত কিছুদিন থাকি তাৰপৰা ৰঘুগুৰি নামে ঠাইলৈ গল। দিনে ৰাতিয়ে আতাৰ হৰিকীৰ্তন হৰিগুণ নাম শ্ৰৱণৰ বাহিৰে আন কোনো কথা নাছিল। এদিন পুৰুষোত্তম বৰুৱাই তেওঁৰ ঘৰত আতাক হৰিকীৰ্তন কৰিবলৈ নিমন্ত্ৰণ কৰিলত, আতাই আনন্দ মনেৰে সেই নিমন্ত্ৰণ গ্ৰহণ কৰি সকলো সেৱকক জান দি সকলোকে লগত লৈ পুৰুষোত্তম বৰুৱাৰ ঘৰত হৰিকীৰ্ত্তন মহামহোৎসৱ সম্পাদন কৰিলে। সেই কীৰ্ত্তনৰ সভাত অনেক ডাঙৰ ডাঙৰ ৰাজ বিষয়া আৰু ৰাজ কোঁৱৰ সকল আছিল।

 ৰঘুগুৰিৰপৰা আতা পুৰণি হৰিপুখুৰী পাৰৰ ভোটলৈ গৈ তাত কিছু দিন থাকি হামৰা নামে ঠাইলৈ গৈ তাত পাঁচ বছৰ থাকি আকৌ পছতিয়া ভোটলৈ আহিল। পছতিয়াৰপৰা তেওঁ চকলা থানলৈ আহিল। চকলাত থাকোঁতে আতা অলপ নৰীয়া পৰিলত আকৌ তেওঁ পছতিয়া থানলৈ আহিল। এই ডোখৰ কালত অনেক লোকে আতাৰ ওচৰত ধৰ্ম্মক ধৰিলে, আৰু তেওঁৰ অসংখ্য শিষ্য হল।

 ইয়াৰ পিছত বদুলা আতাই পছতিয়া থান একেবাৰেই পৰিত্যাগ কৰিবৰ ইচ্ছা কৰি সোণ এতোলা দি জমদগ্নিৰপৰা এডোখৰ মাটি কিনি লৈ তাত সত্ৰ কৰিলে। সেই সত্ৰৰ নামেই বদুলা। কেশৱ চৰণ (ভাট- কুচি আতা) আতাও বদুলা আতাৰে সৈতে সেই সত্ৰতে থাকিল। তাতে ভাটকুচি আতা নৰীয়া পৰিলত, সেই বাৰ্তা শুনি বদুলা আতাই ভাটকুচি আতাক চাবলৈ গল। ভাটকুচি আতাই অনেক হৰিকথা আলাপ কৰি বদুলা আতাক কলে “শুনা হৰিৰ পো, মোৰ শৰীৰ পৰিল। মোৰ বাৰজন ভকত আছে, তেওঁলোেক তোমাত সমৰ্পণ কৰিলোঁ, তুমি প্ৰতিপাল কৰিবা। তোমাক মোৰ ঘোষণা, ৰত্নাৱলী শাস্ত্ৰ দুখন দিলোঁ। সাতটকি সুবৰ্ণ আছিল, তাকো তোমাক দিলোঁ। ইয়াৰ পিছত ভাতকুচি আতাই মানৱলীলা সম্বৰণ কৰিলে। বদুলা আতাই ভাটকুচি আতাৰ দহন বহন- কীৰ্ত্তনাদি সকলো কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰিলে। বদুলা থানত বদুলা আতা সাত বছৰ ছমাহ আছিল। উত্তৰ কুলৰপৰা সেই সময়ত লোক ভাগি আহিলত, আতায়ো ভক্তসকলোৰে সৈতে সেই স্থান এৰি নাৱেৰে আহি ৰাম গুৰুৰ ঘৰত উঠিলহি। দুবছৰ আতা তাতে আছিল।