লাভ কৰিলে, আৰু বৰপেটা আদি থানৰ বাতৰি শুনি কৃতকৃত্য হল।
ইয়াত থাকোতেই বাঢ়ৈ আতৈ, সাৰঙ্গপানি, মুকুন্দ,মুৰাৰি,দয়হৰি আদি
অনেক লোক আতাৰ ধৰ্ম্মক ধৰিলে। বেজবৰুৱাৰ বংশৰ উপৰি-
পুৰুষ পৰম ধাৰ্ম্মিক আৰু প্ৰতাপশালী ৰাজ বিষয়া পুৰুষোত্তম বৰুৱাই ইয়াতে
বদুলা আতাৰ ওচৰত ধৰ্ম্মক ধৰে। ৰতন চোমদাৰেও ইয়াতে ধৰ্ম্মক ধৰে।
ওঠৰ বছৰ বদুলা আতা কলানিভেটিত আছিল। ইয়াৰ পিছত যেনে
কাৰ্য্যৰ বিসজতি হল তাক সংক্ষেপে কওঁ।- বলোভদ্ৰ নামে মহন্ত
এজনে ৰজাৰ চাংত উঠি ৰজাৰ মাদৈক শৰণ লগালে। এই কথা শুনি
ৰজাই খং কৰি মহন্তবোৰক ধৰি নিবলৈ হুকুম দিলে। সকলো দিহাদিহি
পলাই ফাট মাৰিলে। বদুলা আতাও কেশৱচৰণ আতা আৰু ভক্তসকলেৰে
সৈতে পলাই গৈ কৌসিকৰ আহতলিত আছিল। জয়কৃষ্ণই এই বাতৰি
শুনি আতাক আনি গুপুত কৰি নিজৰ ঘৰত ৰাখিলেহি। এই দৰে জয়-
কৃষ্ণৰ ঘৰত থাকোঁতে এদিন কেশৱচৰণ আতাই অনেক লোকৰ গলাৰৱ
শুনি ভয় খাই বদুলা আতাক কলেহি যে ‘আমাক ৰজাৰ মানুহে বেঢ়ি
ধৰিলে।” বদুলা আতাই তেওঁক নিৰ্ভয় দিলতো তেওঁৰ ভয় নগল, তেওঁ
বাঁহনিত সোমাই এজোপা বাঁহৰ মাজত লুকাই বহি ৰল। এদিন এৰাতি
তেওঁ নোখোৱা-নোবোৱাকৈ সেইদৰে লুকাই থাকি তেওঁৰ গা বহি
পৰিল। বদুলা আতাই কেশৱচৰণ আতাক বিচৰাই কতো নাপাই মহা
খেদ কৰি সেই দিনা উপবাসে আছিল। পিছদিনা জয়কৃষ্ণই আতাক
বাঁহৰ মাজত বিচাৰি পাই লৈ আহি গা-পা ধুৱাই খুৱাই বুৱাই সুস্থ
কৰিলে। ইয়াৰ পিছত কেশৱচৰণ আতাই বদুলা-আতক বিদায় লৈ
যাদৰিৰ ঘৰত থাকিল গৈ; বদুলা আতা জয়কৃষ্ণৰ ঘৰতে ৰল। জয়কৃষ্ণৰ
ঘৰতে আতা দুবছৰ নাম ধৰ্ম্ম প্ৰকাশ কৰি আছিল; তাৰপৰা চেচুকাভেটিলৈ
উঠি গল। চেচুকাৰপৰা কিছু দিনৰ পিছত তেওঁ কেছেৰুগুৰি ভেটিলৈ
গল; তাৰপৰা পছতিয়া ভেটিলৈ গৈ ঘৰ-বহা নিৰ্ম্মাণ কৰি ৰল।তাতে
নেপালি গুৰুৱে, বৰসন্দিকৈয়ে আতাৰ ওচৰত ধৰ্ম্মক ধৰিলে। চকলাৰ
বুঢ়া আতৈকে আদি কৰি অনেকে তাতে ধৰ্ম্মক ধৰে। কিছুদিন পছতিয়া
ভেটিত থাকি আতাই ডেবেৰাপাৰত গৃহ নিৰ্ম্মাণ কৰাই তালৈ উঠি আহিল।
ডেবেৰাপাৰৰপৰা কিছুদিন আশোকৰগুৰি নামে ঠাইত থাকি আকৌ তেওঁ
ডেবেৰাৰপাৰলৈ আহিল। ডেবেৰাপাৰতে বদুলা আতাই পাঁচ বছৰ শ্ৰৱণ
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৭৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ