ভিতৰত প্ৰথমতে প্ৰবেশ কৰিলে, আৰু তেওঁৰ পিছত বদুলা আতা প্ৰবেশ কৰি, হৰিক বন্দনা কৰি দুয়ো প্ৰেমত পুলকিত হল। বুঢ়াআতাই বদুলা আতক থাকিবৰ নিমিত্তে বহাঘৰ ঠিক কৰি দিলত, বদুলা আতা বৰপেটা থানতে কিছু দিন আনন্দ মনেৰে ৰল।
ইয়াৰ পিছত বদুলা আতাই শ্ৰীশঙ্কৰদেৱৰ পত্নী আৰু পুত্ৰ নাতিসকলেৰে সৈতে সাক্ষাৎ কৰি আকৌ বৰপেটালৈ উভতি আহিল। তাৰ পিছত ঠাকুৰ আতাৰে সৈতেও বদুলা আতাই দেখাসাক্ষাৎ কৰিলে। সাতদিন ঠাকুৰ আতাৰ থানত থাকি তেওঁ ঠাকুৰ আতাৰে সৈতে হৰিকথা আলাপ কৰি পৰম প্ৰীতি লভি আকৌ বৰপেটালৈ উভতি আহিল। ইয়াৰ পিছত বদুলা আতাই ভৱানীপুৰলৈ গৈ গোপাল আতাৰ পাশ পালত গোপাল আতাই তেওঁক অনেক সমাদৰ কৰি সাত দিন ৰাখি, ভক্তিতত্ত্বৰ কথাৰ আলাপ কৰি বিদায় দিলত তেওঁ আকৌ বৰপেটালৈ উভতি আছিল। তাৰ পিছত ৰামচৰণ ঠাকুৰৰ থানলৈ গৈ আতাই তেওঁৰে সৈতে আলাপ কৰি আকৌ বৰপেটালৈ আহিল। এইদৰে আতাই সাধু মহন্তসকলেৰে সৈতে দেখা কৰি আহি বৰপেটা থানত থাকোঁতেই গুৰুজনৰ সাস্বৎসৰিক কীৰ্ত্তন পালেহি। ভৱানীপুৰীয়া গোপাল আতা, বৰবিষ্ণু আতাকে আদি কৰি সকলো কীৰ্ত্তনত উপস্থিত, কিন্তু ঠাকুৰ আতা নাই। তাৰ কাৰণ অনুসন্ধান কৰি তেওঁলোকে জানিবলৈ পালে যে ঠাকুৰ আতাৰ নৰীয়া। এই বাৰ্ত্তা শুনি ঠাকুৰ আতাৰ থানলৈ বৰবিষ্ণু আতা, বুঢ়া আতা আদি সকলো গল, বদুলা আতাও গল। ঠাকুৰ আতাই সকলোকে আদৰ কৰি কুশল বাৰ্ত্তা আৰু গুৰুজনৰ কীৰ্ত্তনৰ বাৰ্ত্তা শুধিলে, আতাসকলেও ঠাকুৰ আতাৰ সকলো বিশেষভাবে কৈ তেওঁৰ নৰীয়াৰ বাতৰি লৈ নিজৰ নিজৰ থানলৈ উভতি আহিল, বদুলা আতাও বৰপেটা থানত ৰলহি। এদিন বদুলা আতা ঠাকুৰ আতাৰ ওচৰত বহি থাকোঁতে, তাতে কেশৱচৰণ আতা ওলালহি। ঠাকুৰ আতাই কেশৱচৰণ আতাক কলে “তুমি গুৰুৰ অস্থি গঙ্গাত লগাবলৈ গৈছিলা,উভতি আহোঁতে ইমান পলম হল কিয়?” এই বুলি ঠাকুৰ আতাই বদুলা আতাক কলে “শুনা আমুকাই, তুমি তুমি কেশৱচৰণৰ লগত লৈ যোৱাঁ। কেশৱচৰণক তুমি যত্ন শুশ্ৰষা কৰি ৰাখিবা।”
ইয়াৰ পিছত বদুলা আতাই উজাই উভতি আহি তেওঁৰ ঠাই কশানি ভেটি পালেহি; সকলো ভক্ত সেৱকে তেওঁক আগবঢ়াই নি পৰম সন্তোষ