এদিন জগন্নাথচৰণে গোপালদেৱৰ থানত শুনি আহিল যে মহাপুৰুষ
গুৰু মাধৱদেৱ বৈকুণ্ঠ প্ৰয়াণ কৰিলে। এই বাতৰি শুনিবদুলা আতাই
পৰম শোকাকুল হৈ, গুৰুজন চলা সকলো বৃত্তান্ত ভালকৈ জানি আহিৰলৈ
জগন্নাথচৰণক আকৌ তেতিয়াই গোপালদেৱৰ ওচৰলৈ পঠিয়াই দিলে।
গোপালদেৱে ভাটীৰ পৰা অহা যাত্ৰীৰ মুখৰপৰা যেনে যেনে প্ৰকাৰে গুৰুজন
চলা বাতৰি শুনিছিল সকলোবোৰ জগন্নাথচৰণৰ আগত কৈ পঠিয়ালত
সেই দৰে জগন্নাথচৰণে বদুলা আতাক কলে। আতাই ঠিক বাতৰি শুনি
বিমুৰ্চ্ছিত হৈ পৰিল। কিছুমান বেলিৰ মুৰত তেওঁ চেতনা পাই অনেক
খেদ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত আতাই সকলো ভকতেৰে সৈতে
সাত দিন সাত ৰাতি গুৰুজনৰ হৰিকীৰ্ত্তন মহামহোৎসৱ তিথি সম্পাদন
কৰিলো।
ইয়াৰ পিছত আতাই গুৰুৰ বাক্য সুমৰণ কৰি সাধুসকলক দৰ্শন কৰি ভালকৈ আলাপ পৰিচয় কৰি আহিবৰ নিমিত্তে বৰসন্দিকৈক নাও খুজি লৈ কামৰূপলৈ ভটীয়াই গৈ বৰপেটা পাই থানৰ ঘাটত নাও বান্ধিলে।। বৰপেটা থানৰ অধিকাৰ বুঢ়াআতাই “উজানৰ বাপুধৰ” আহিছে বুলি শুনি ভক্তসকলেৰে সৈতে তেওঁক আগবঢ়াই নিবৰৈ আহিল। দুইজন আতাই দুইকো দেখি প্ৰেমাকুল হল। বুঢ়াআতাৰে সৈতে বদুলা আতা গৈ যেতিয়া নামঘৰৰ দুৱাৰ মুখ পালেলৈ তেতিয়া বুঢ়া আতাই বদুলা আতক আগেয়ে তাত প্ৰৱেশ কৰিবলৈ কলত, বদুলাআতাই বুঢ়া আতাক কলে “আপুনি হে আগ হব লাগে।” বুঢ়া আতাই কলে “নহয়, তোমোৰাত হে গুৰুজনে সৰ্ব্ব শক্তি স্থাপন কৰি,তোমাৰাক হে গাৰ বদল পাতি গৈছে, এতেকে তোমোৰা হে আগ হব লাগে।” বদুলা আতাই কলে “তথাপি আপুনি হে আগ হব লাগে, কাৰণ গুৰুজনে আপোনাৰ শিৰত মালতীৰ মালা দি সাতবাৰ আশীৰ্বাদ কৰি আপোনাক মথুৰানগৰ বৰপেটাৰ যুবৰাজ পাতি, নিজে নাগেনি টকা দুটি কৰ দি গৈছে; এতেকে আপুনি হে আগ হব লাগে।” এই কথা শুনি বুঢ়া আতাই ফলে “জানা বাপুধৰ, গুৰুজনে যে সাত বাৰ আশীৰ্বাদ দিলে হয়, কিন্তু সেই আশীৰ্ব্বাদ মই তোমাক দিলোঁ; তুমি মোক এবাৰ আশীৰ্বাদ দিয়াঁ।” এইদৰে বুঢ়া আতাই কলত, বদুলা আত যৌন হৈ থকা দেখি, বুঢ়া আতা মন্দিৰৰ