দ্বাত্ৰিংশ অধ্যায়
বদুলা আতাৰ চৰিত্ৰ শেহছোৱা
চমৰিয়াত বৰবিষ্ণু আতাই বদুলা আতাৰপৰা “নাম মালিকা” পুথি পাই পুথিখন নকল কৰি লৈ অঁতালত, বদুলা আতা তাৰপৰা উজাই আহি অনুক্ৰমে দিক্ৰংনৈত সোমালহি। দিকৰঙৰ ঘাটত তেওঁ নাও বান্ধি তাতে ৰাতি থাকিবৰ দিহা কাৰিছে, এনেতে বদুলা আতাৰ ভতিজাক কৰুণাময় নাৰায়ণপুৰৰপৰা আহি তাতে ওলালহি। কৰুণাময়ে খুৰাকক দেখি আনন্দত পুলকিত হৈ আঠুকাঢ়ি সেৱা কৰি কলে “খুৰা, ইয়াত থাকিব নালাগে, উঠি ঘৰলৈ আহক।” বদুলা আতাই কলে “কৰুণাময়, ঘৰত মোৰ কোনো প্ৰয়োজন নাই, মই ঘৰলৈ উঠি যাব নোখোজোঁ। বৌ-মা ভালে আছেনে, কেৱল মোক সেই বাতৰিটো কোৱা?” কৰুণাময়ে কলে “আই ভালে আছে; কিন্তু আপুনি কৃপা কৰি ঘৰলৈ আহিবই লাগিব, আমাক নৈৰাশ নকৰিব, নহলে মই মৰণান্তিক দুখ পাম আৰু আয়েও পাব। আৰু ঘৰত যি আশঙ্কাৰ কাৰণ আছে, সেই কাৰণ মই এতিয়াই আঁতৰ কৰি দিম।” এইদৰে নানা কাকূতি কৰি কৰুণাময়ে আতাক ধৰিলত তেওঁৰ ওপৰত আতাৰ কৃপা সম্পৰ্জি, আতা যাবলৈ সম্মত হল। আতা ঘৰলৈ যাবলৈ সম্মত হলতে কৰুণাময়ে কলে “মই আগবাঢ়ি গৈ এতিয়াই শঙ্কাৰ কাৰণ দুৰ কৰি আপোনাক আগবঢ়াই লৈ যামহি।" এই বুলি কৰুণাময়ে বেগাই গৈ খুৰীয়েকক কলে “খুৰি, তোমাৰ পিতৃৰ বৰ নৰীয়া, যদি তেওঁক চাব খোজা, তেন্তে এতিয়াই লৰালৰিকৈ যোৱা।” এই কথা শুনি খুৰীয়েক যেনে আছিল তোকৈয়ে বাপেকৰ ঘৰলৈ লৰি গল। তেওঁ গৈ দেখিলে যে বাপেক সূৰ্য্যবাঢ়ৈ (তালতে ৰংমনে বহি আছে, তেওঁৰ কোনো নৰীয়া নাই। গধুলি বেলিকা জীয়েক সেইদৰে অহা দেখি বাপেকে আচৰিত মানি জীয়েকক তাৰ কাৰণ শুধিলত জীয়েকে তেওঁৰ আতুৰ নৰীয়াৰ কথা কৰুণা-