তান ভকতিত তুষ্ট ভৈলন্ত শঙ্কৰ।
স্বপ্নত তাহাঙ্ক শম্ভু দিলা পুত্ৰ বৰ॥"
‘বাহী’ত ছপা হোৱা গদ্য গুৰ-চৰিত্ৰ পুথিত আছে ১৩৭১ শকৰ কাতিৰ সংক্ৰান্তিৰ অমাবস্যা তিথিত বৃহস্পতিবাৰ মাজ নিশাত শঙ্কৰদেৱৰ জন্ম হয়।
দৈত্যাৰি ঠাকুৰৰ পুথিত আছে :-
“শুভক্ষণ শুভ লগ্ন নক্ষত্ৰ মিলিল।
সেহি বেলা কুসুমৰ পুত্ৰ উপজিল॥
দোভাগ ৰজনী অন্ধকাৰ তমোময়।
সুতিকাৰ গৃহ গোট দেখি জ্যোতিৰ্ম্ময়॥
মধুৰ গৰ্জ্জনে মেঘসবে গৰজয়।
ঘোডা সব চিহঁৰি উঠিল অতিশয়।
উপজিল পুত্ৰ কথা কুসুমে শুনিলা।
পৰম আনন্দে স্নান সবস্ত্ৰে কৰিলা॥”
কোনো কোনোৰ মতে আহিন মাহৰ পাঁচ দিন যোৱাত শুক্লা দশমী তিথি শুকুৰবাৰ, ৰাতি চাৰি দণ্ড যোৱাত, ১৩৭১ শকত, শঙ্কৰদেৱ ভূমিষ্ঠ হৈছিল। কোনোৱে কয়, ফাগুন মাহৰ তৃতীয়া তিথি বৃহস্পতিবাৰে তেওঁৰ জন্ম।
এই মতবোৰ মিলালে ১৩৭১ শকৰ কাতিৰ নাইবা আহিনৰ, নাইবা ফাগুনৰ বৃহস্পতিবাৰে ৰাতি মাজনিশা শঙ্কৰদেৱৰ জন্ম বুলি ধৰিব পাৰি।
চৰিত্ৰ পুথিত আছে—শঙ্কৰদেৱ জন্ম হোৱা মাত্ৰকে ভূয়াঁসকলৰ ঘৰৰ দেবীমূৰ্ত্তিৰ আগত জ্বলি থকা এশগছ বন্তি নুমাল, আৰু দেবীমূত্তিসকল কাতি হৈ পৰিল; ভূয়াঁ সকলৰ ঘৰত এশ পুৰা সৰিয়হ থকা সৰিয়হৰ ডুলি বাগৰি পৰিল।
ষষ্টী-যাগৰ পিছত সন্তৰাম দৈবজ্ঞক মতাই আনি গণোৱাত, দৈবজ্ঞই গণি-পঢ়ি কলে যে, এই শিশুৰ দ্বাৰাই অসংখ্য প্ৰাণীয়ে মুক্তি পাব; দেবীৰ উপাসনা লোপ হব; স্মতি, ভাগৱত, পুৰাণাদি সৰল ভাষাত ৰচিত হৈ মানুহে অলপ বিদ্যাৰে বহুত জ্ঞান লাভ কৰিব পৰা কোমল শাস্ত্ৰসকল প্ৰচাৰিত হব; নাম-ধৰ্ম্ম উজান ভাটীত প্ৰচাৰিত হব।