পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫১
শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ


এইদৰে মাধৱদেৱে আতাক প্ৰশংসা কৰিলে। মাধৱদেৱে আতাক শুধিলে “উজানত তোমাৰ কোন আছে?” আতাই কলে সি দেশত মোৰ কেওঁ কিছু নাই।” আকৌ গুৰুজনে শুধিলত আতাই কলে “মাত্ৰ এজনা বৌ-মাতৃ আছে।”

 দিনৌ সাতদিন মাধৱদেৱে আতাক সকলো তত্ত্বৰ উপদেশ দি, বাঞ্ছিতৰ বস্তু কীৰ্ত্তন কৰি, এক ভাণ্ডৰপৰা আন ভাণ্ডলৈ যেনেকৈ জল বাকে সেইদৰে বল, বীৰ্য্য, পৰাক্ৰম, শক্তি, ভক্তি সকলোকে আতাত থাপনা কৰি, সাত দিনৰ মূৰত তেওঁক কলে “বাপু লৱ-নাতি, তুমি উজানক প্ৰতি যাব লাগে, তাত ধৰ্ম্ম প্ৰকাশ কৰিবলৈ। পূৰ্ব্বে শ্ৰীশঙ্কৰ গুৰুদেৱে মোক উজানলৈ যাবলৈ আজ্ঞা কৰিছিল, সখি নাৰায়ণ দাসে প্ৰাৰ্থনা কৰি মোক ৰাখিলে। সেই আজ্ঞা পালি, এতিয়া তুমি মোৰ গাৰ বদল স্বৰূপ হৈ ধৰ্ম্ম প্ৰকাশ কৰিবলৈ উজানলৈ যোৱ॥” আতাই প্ৰাৰ্থনা কৰি জনালে ‘বাপ, আপোনাৰ পাশত থাকি আপোনাৰ চৰণ সেৱা কৰি থাকিবলৈ আশা কৰি হে আহি ছিলোঁ, আকৌ উভতি সেই দেশলৈ যাবৰ মোৰ ইচ্ছা নাই। আসাম ৰাজাৰ কাৰ্য্য সকলো বিষম। মই কেনেকৈ তাত বৰ্ত্তিম।” গুৰুজনে কলে “তুমি ভয় নকৰিবা; তোমাৰ কাৰণে বিষম আসাম সম হব। জানা আমুকাই, সোণকোহৰপৰা কৰতিয়া গঙ্গা (কৰতোয়া নদী) এই দুই সীমাৰ ভিতৰৰ দেশ মোৰ; সোণকোহৰপৰা বৰনদীলৈকে এই ডোখৰ মথুৰাদাসৰ আৰু বৰনদীৰপৰা ব্ৰহ্মকুণ্ডলৈকে এই ডোখৰ তোমাক দিলো। চাৰিখানি শাস্ত্ৰ তোমাৰ লগত দিলোঁ। দশম কীৰ্ত্তন শাস্ত্ৰত শ্ৰীশঙ্কৰ গুৰুক দেখিবা; ঘোষা ৰত্নাৱলী শাস্ত্ৰত আমাক দেখিবা। তোমাত শক্তি, ভক্তি, বল, বীৰ্য্য, পৰাক্ৰম, সকলো সমৰ্পণ কৰিলোঁ। তুমি যোৱাঁ, তোমাৰ লগত পিতা পুত্ৰে চলি গলোঁ।” মাধৱদেৱে হৰিবল্লভক মাতি কলে “শুনা হৰিবল্লভ, তুমি তাল, মালা, আনা; নামমালিকা শাস্ত্ৰখনি উলিয়াই আনা।” হৰি- বল্লভে সেই বস্তু আনি দিলত, মাধৱদেৱে বদলা আতাক কলে “এই মালা শ্ৰীশঙ্কৰ গুৰুজনে সেৱা কৰা মালা, মোক দিছিল; ইমান দিন মই সেৱা কৰি আছিলোঁ; এতিয়া তোমাক দিলোঁ, তুমি সেৱা কৰি থাকিবা। এই জোৰ মন্দিৰ তালেৰে শ্ৰীশঙ্কৰ গুৰুৱে নাম গাইছিল; সেৱা কৰি থাকিবৰ নিমিত্তে মোক দিছিল, আজি এই তাল তোমাক দিলোঁ। গুৰুজনৰ এই বস্তুবোৰ তুমি সেৱা কৰি থাকিবা। তুমি মোৰ সেৱকসকলৰ ভিতৰত