পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫০
শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ


কলে। জগন্নাথে এই বাৰ্ত্তা শুনি লৰালৰিকৈ আহি আতাক বাটতে লগ পাই সহায় কৰি গঙ্গালৈ লৈ গল। গঙ্গা পাই আতাই গুৰুজনৰ বাক্যমতে নলঘুগুৰীৰ ঘাটত স্নান কৰি সকলো কাৰ্য্য কৰি গঙ্গাতীৰতে তিন দিন থাকি গঙ্গামৃত্তিকা আৰু গঙ্গাজল লৈ উজানলৈ আহিল; তেতেলি আৰু বিচিত্ৰ চেনি বিচাৰি লগত আনিলে। বাটত তেওঁ এটা চকি পালেহি, তাত অনেক লোক আছে। চকিৱালে আতাক দেখি তাৰ মনত ভক্তিৰ উদ্ৰেক হৈ, তেওঁৰপৰা মাচুল নোলোৱাকৈ তেওঁক এৰি দিলত, আতাই চকিৱালক কলে “যদি মোক তুমি দয়া কৰিলা, তেন্তে আৰু অলপ দ্য কৰি নিৰ্ধনী লোকসকলকো যাবলৈ এৰি দিয়াঁ।” এই কথা শুনি চকিৱালে সকলো যাত্ৰীকে এৰি দিলে।

 বহাগৰ মানুহ-বিহুৰ দিনা কীৰ্ত্তন-ঘৰত তিনিজোৰা গায়নে গাইছিল। তিনি প্ৰহৰ বেলি হৈছে, এনেতে মাধৱদেৱে হৰিবল্লভ আতৈক শুধিলে হৰিবল্লভ, কেইজোৰা গায়ন বায়নে গালে?” আতৈয়ে কলে “দুজোৰাই গাই অঁতাইছে, এজোৰা আছে।” এই কথা শুনি মাধৱদেৱে কলে “আমি নো কি নাসাধিলোঁ, হৰিকীৰ্ত্তনতে গোটেইটো দিন গোৱালোঁ।” ঠিক এনে সময়তে পদ্ম আতাই আহি গুৰুজনৰ চৰণত পৰি সেৱা কৰিলে। গুৰুজনে তেওঁক “উঠ। উঠ।” বোলা শুনি, শ্ৰীৰাম আতাই কলে “বাপ পাৱত পৰি থাকি তেওঁৰ পথশ্ৰম যাবলৈ দিয়ক।” আতাই উঠি তীৰ্থৰ সেই বস্তুবোৰ গুৰুজনৰ আগত থলত, গুৰুজনে শুধিলে “কি দ্ৰব্য আনিলা?” আতাই কলে “বাপ, গঙ্গাজল, গঙ্গামৃত্তিকা আনিছোঁ; আৰু ভোজনৰ অৰ্থে তেতেলি, পদ্মচেনি পাই আনিলোঁ।” গুৰুৰ বাক্যত গঙ্গাজলৰ পাত্ৰৰ মুখখন মেলিলত দেখা গল, জল মুখলৈকে চপচপীয়া হৈ আছে। মাধৱদেৱে শুধিলে “গঙ্গাজলত পোহ দি আনিছ৷ নে কি?" আতাই নিবেদন কৰিলে “বাপ, পোহ বা কাক কয় নাজানো।” মাধৱদেৱে কলে ‘গঙ্গাজল বাটত আনোতে শুকাই আহে, সেইদেখি কোনোৱে কোনোৱে তাত আন জল ভেজাল দি আনে। এতিয়া জানিলোঁ, তোমাৰ হাতত গঙ্গাজল সম্পূৰ্ণ হৈ আহিল। ৰজা লক্ষ্মীনাৰায়ণে এই প্ৰদেশত মোক ধৰ্ম্মৰ ৰজা পাতিছে; সেইদেখি মই দিনৌ ইমান গঙ্গাজল গঙ্গামৃত্তিকা পাওঁ যে গঙ্গাজলৰ কুপ কৰি তাত স্নান কৰিব পৰা যায়, আৰু মৃত্তিকাৰে দৌল সাজিব পাৰি। কিন্তু এনে গঙ্গাজল আৰু গঙ্গামৃত্তিকা নাপাওঁ।”