পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৯
শীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

ওলাই মাধৱদেৱক সেৱা কৰিলত, মাধৱদেৱে তেওঁক কলে “গঙ্গাৰ প্ৰধান ঘাটত তুমি স্নান নকৰিবা, আঁতৰ হৈ আন পিনে স্নান কৰিবা; পাপীৰ ভয়ত প্ৰধান ঘাটত গঙ্গা নাথাকে। আমি পৰ্ব্বে গঙ্গা স্নান কৰোতে তেনেকৈ কৰিছিলোঁ। তুমিও সেইদৰে স্নান কৰিবা। নাভি মাত্ৰ জলত নামি দ্ৰব্য লৈ থাকিবা, গঙ্গাই হাত পাতি নিব। তিনটা লহৰেৰে গঙ্গাই তোমাক স্নান কৰাব। তুমি ভক্তিপৰ হৈ নিৰ্ভয়ে থাকি স্নানান্তে হুহকি আহি তীৰত উঠিবা;আৰু নিত্যকাৰ্য্য কৰি গুচি আহিব।” এইদৰে গুৰুজনৰ কথা শুনি পদ্ম আতাই যদুমণি আতেৰে সৈতে তীৰ্থলৈ যাত্ৰা কৰিলে। গধুলি তেওঁলোক এঘৰত আহি ৰল। যদুমণিয়ে বহি এই ভাটিমা মাতিলে—

ব্ৰহ্মা মহেশ্বৰ
 যাকৰ চাকৰ
তাকেৰি গুণ মুহ লেহ।
 মাধৱ বান্ধব
 সাধব মুকুতি,
তাহে চৰণ নিত্য দেহু॥”

সেই ভটিমা শুনি কলাপ আৰু কেশৰী দুয়ো উজাৰি উঠি কলে “ব্ৰহ্মা মহেশ্বৰক চাকৰ বোল তই? তোৰ ইমান সাহ?” পদ্ম আতাক তেওঁলোকে কলে “ইয়াক বাহিৰ কৰি দিয়া, আমি দণ্ড কৰোঁ॥” এই বুলি মনে যনে গৰ্জ্জিবলৈ ধৰি কোনোমতে শান্ত নোহোৱা দেখি আতাই যদুমণিৰ পিঠিত হাত দি তেওঁলোকক দেখুৱাই মিছাকৈয়ে প্ৰহাৰ কৰি, তেওঁলোকক চেচা কৰি, ভাবিলে “গুৰুজনে মোক ভাল লগ দিলে।” ৰাতিটো কষ্টমনেৰে আতা পৰি ৰল। ৰাতিপুৱাই যাত্ৰী দুজনে আতাক চলা বুলি যাবলৈ মাতিলত, আতাই তেওঁলোকক কলে “মই এতিয়া যাৰ নোৱাৰো, মোৰ গা বেয়া; তোমালোক দুয়ো আগবাঢ়ি যোৱা। মোৰ ভাগিনৰ নাম জগন্নাথচৰণ; তেওঁ গঙ্গাস্নান কৰি মোক লৈ যাবলৈ বেগতে উভতি আহিব লাগিছে, তেওঁৰে সৈতে মই যাম। তোমালোকে কৃপা কৰি তেওঁক লগ পাই মোৰ এই বাতৰি কবা।” এই কথা শুনি কলাপ কেশৰী গুচি গল, আৰু তেওঁলোকে বাটত যতে উভতি অহা যাত্ৰী দেখে ততে “কাহা জগন্নাথচৰণ?” বুলি শুধি শুধি জগন্নাথচৰণক পাই মোমায়েকৰ বাৰ্ত্তা