লভি হৰিবল্লভ আতৈক কলে “বাপু হৰিবল্লভ, পুৰুষজনক মান্য কৰি
তেওঁলৈ পাত এখনিত প্ৰসাদ দিয়া।” এই দৰে প্ৰসাদ দিয়া হলত, জগন্নাথ
টৰণে প্ৰসাদ লৈ যাবলৈ ওলালত গুৰুজনে কলে “তুমি অকলৈ কেনেকৈ
যাবা; লগত ভকত দিওঁ।” এই বুলি ৰাম ৰাম আতা ভক্তক লগত
যাবলৈ আদেশ কৰিলত তেওঁৰ লগত জগন্নাথচৰণ আহি পদ্ম আতাৰ
ওচৰ পালেহি। ভাগিনিয়েকৰপৰা গুৰুজনৰ বাৰ্তা শুনি আৰু প্ৰসাদ
পাই পৰম আনন্দিত মনে কৃতকৃত্য হৈ তেওঁ প্ৰসাদ ললে। পিছদিনা
কেশৱচৰণ আতা তেওঁৰ ওচৰ ওলাই তেওঁক গুৰুজনৰ ওচৰলৈ যাবলৈ
কলত, তেওঁ ভাৰখনি বন্ধাই লৈ যাবলৈ প্ৰস্তুত হল। বনমালী কটকীৰে
সৈতে জগন্নাথচৰণকে আদি কৰি আৰু তিনিজন তীৰ্থলৈ গল। পদ্ম
আতাই যদুমণিক কলে “এওঁলোকৰ লগতে তুমিও যোৱা গৈ, তোমাৰ
পিতৃৰ অস্থি গঙ্গাত লগোৱাগৈ।” যদুমণিয়ে কলে “তমাই ৰাজখোৱাই
মোক তোমাৰ লগত দিলে, তোমাক এৰি মই কলৈকো নাযাওঁ। পিতাৰ
অস্থি বৰং দলিয়াই পেলাম। এই কথা শুনি পদ্ম আতাই আন যাত্ৰীৰ
হাতত যদুমণিৰ পিতৃৰ অস্থি গঙ্গাত লগাবলৈ দি, যদুমণিৰ কান্ধত ভাৰখনি
দি দুয়ো গুৰুজনৰ পাশলৈ আহিল। তেওঁ টোৰোচা নৈ পাই, কেশৱ
আতাক কলে “আপুনি আগেয়ে যাওক, মই নৈত স্নান কৰি বন্ত্ৰখনি
তিয়াই শুকাই লৈ পিছতে যাম।” এই বুলি তেওঁ স্নান কৰি শুচি হৈ
সেইদৰে পিছত আহিবলৈ ধৰিলে। গুৰুজনৰ গৃহৰ ওচৰৰ এটি নঙলাই
দি খৰিকটীয়া দলৈৰ ঘৰলৈ যায়। এটিয়ে গুৰুজনৰ গৃহলৈ যায়। পদ্ম
আতাই দুটি নঙলা দেখি কোনটিয়েদি যাব থিৰ কৰিব নোৱাৰি, নঙলাৰ
মুখৰপৰা মাত দিলে “কেশৱৰণ আতা! কেশৱচৰণ আতা!” গুৰুজনে
শুনি কেশৱক শুধিলে “কোনে মাতিছে?” কেশৱচৰণে কলে সেই
পুৰুষজনে।” মাধৱদেৱে কলে তেওঁক দেখিলে যে চিনিমেই বাক্যতে
চিনিছোঁ।; সকলো সেৱকে তেওঁক আগ বঢ়াই আনা গৈ।”গুৰুজনৰ
আজ্ঞা শুনি সকলো সেৱক গৈ “আতা আহক” বুলি মাতি তেওঁক আগবঢ়াই
আনিলে। মাধৱদেৱো দুখোজ আগবাঢ়ি গল। আতাই গুৰুজনৰ চৰণত
পৰি সেৱা কৰিলে; গুৰুজনে তেওঁক “উঠাঁ উঠাঁ” বুলি আশ্বাস কৰিলে।
আত উঠি একাষৰীয়া হৈ অতি নম্ৰভাৱে বহিল, আৰু লগত অনা জালুকৰ
থৈলাখানি যদুমণিয়ে গুৰুজনৰ আগত থলে। মাধৱদেৱে পদ্ম আতাক
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৬১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৭
শীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ