ভাটকুচি আতাই শলখৰপৰা উভতি এবছৰৰ মুৰত আহি হৰিপুখুৰীৰ
পাৰ পাই দেখিলে ঘৰ শূন্য, তাত পদ্ম আতা নাই। পদ্ম আতাই হৰি-
পুখুৰীতে ভাটকুচি আতালৈ দিনৌ বাটচাই থাকোঁতে এটি ঘটনা ঘটিল,
যাৰ নিমিত্তে তেওঁ হৰিপুখুৰী এৰি আন ঠাইলৈ যাবলৈ বাধ্য হল। পদ্ম
আতই প্ৰতি দিনেই দিৱসত হৰি আতৈক বহা ৰখীয়া পাতি ভক্ত সঙ্গত
নাম বিচাৰি ফুৰে। এদিন কিছুমান হাঁহ ছাগলী বেচা মানুহে হাঁহ ছাগলী
লৈ, পদ্মৰ ককায়েক শঙ্কৰদাসৰ ঘৰত থাকিবলৈ ঠাই বিচাৰিলত,শঙ্কৰদাসে
সিহঁতক লৈ গৈ ভায়েকৰ হৰিপুখুৰী পাৰৰ ঘৰত থলেগৈ। সেই সময়ত
পদ্ম আতা ঘৰত নাছিল। হৰি আতৈয়ে এনে অঘটন ঘটা দেখি মনত
বিষাদ লৈ বাহিৰলৈ ওলাই আহি বেজাৰেৰে ৰাজসূয় শাস্ত্ৰখন হাতত লৈ
চোতালত বহি ৰল। এনে সময়তে গধুলি পদ্ম আতাই ঘৰলৈ আহি
আশ্চৰ্য্য হৈ হৰিচৰণৰ মুখে ঘটনাৰ সকলো আঁতিগুৰি শুনি বৰ বিষাদ পাই
তেতিয়াই হৰি আতৈৰে সৈতে তাৰপৰা গুচি গল। তেওঁলোক পথত
যাওঁতে তমাই ৰাজখোৱাই দেখি মাতি আনি পীৰা পাৰি দি আতাক বহুৱাই,
কি কথা কি বাৰ্ত্তা শুধিলত, আতাই সেই ঘটনাৰ কথা কলত, তেওঁ আতাক
তাতে ৰাখি, পিছদিনা মুকুন্দৰ কলানিবাৰীৰ কলাগছ কাটি তাতে তিনটা
ঘৰ সজাই আৰু থাকিবলৈ দিলে, আৰু যদুমণি নামে আলধৰা এজন
লগত দিলে।
পদ্ম আতা কলানি-ভেটিতে আছে; কিন্তু দিনে ৰাতিয়ে তেওঁৰ চিন্তা, কেনেকৈ তেঁও মাধৱদেৱৰ পাশলৈ যাব। ভাটকুচি আতালৈ বাট চাওঁতে চাওঁতে তেওঁৰ চকু বিষাল। এনেতে তেওঁ শুনিলে যে বনমালী কটকী ভাতিলৈ তীৰ্থ কৰিবলৈ যাবলৈ ওলাইছে। এই খবৰ শুনি তেওঁ ভাগি- নিয়েক জগন্নাথচৰণক বনমালী কটকীৰ ওচৰলৈ শুধিবলৈ পঠিয়াই দিলে, তেওঁকো লগতে নাৱত নিব নে? কটকীয়ে এই কথা শুনি আনন্দ প্ৰকাশ কৰি সন্মত হৈ কলে “মোৰ আইও গঙ্গাস্নান কৰিবলৈ ওলাইছে এতেকে তেঁও লৱনাতি গোসাঁইক লগ পালে নিশ্চয় আনন্দিত হব।” -এই কথা শুনি পদ্ম আতাই সন্তোষ পাই ভাটীলৈ যাবলৈ উদ্যোগ কৰিছে, এনেতে কেশব আতা আহি ওলালহি। কেশৱচৰণ আতাক পাই বদুলাআতা পৰম আনন্দিত হল; আৰু দুইজন আতা বনমালী কটকীৰ লগতে একে