বুজি লৈ লৱৰনাতি গোসাঁইলে অনেক কাতুৰ্ব্বাদ কৰি ক্ষমা প্ৰাৰ্থনা কৰি
দ্ৰব্য বস্তু পঠিয়াই দি অপৰাধ মৰ্ষণ কৰাই স্বামীক আৰোগ্য কৰালে।
আতাৰ ওচৰলৈ অনেক লোকে অলপ-অচৰপ দ্ৰব্য বস্তু হাতত লৈ আহে
দেখি জয় ভাৰতী ব্ৰাহ্মণে ভাবিলে যে লৱৰনাতিয়ে মোৰ ওচৰতে পঢ়িলে
আৰু মোৰ ৰত্নাৱলী পুথিখনকে লৈ গৈ থাপনা কৰি তাৰ দ্বাৰাই মহন্ত
বোলাই নিজৰ প্ৰভাৱ বৃদ্ধি কৰি মানুহক বলাই নিছে, অথচ মই পণ্ডিত
ব্ৰাক্ষ্মণ মোৰ ওচৰলৈ দ্ৰব্য বস্তু লৈ কোনো নাহে। এই দৰে ভাবি তেওঁ
লৱৰনাতি গোসাঁইক দিয়া শাস্ত্ৰখন খুজি লৈ গুচি গল। শাস্ত্ৰখন গলত
আতাই অসন্তোষ মনেৰে বহি আছে। এনেতে জয় ভাৰতীৰ ভায়েক
হৰি ভাৰতী তেওঁৰ ওচৰলৈ আহিল। হৰি ভাৰতীয়ে কি হৈছে বুলি
শুধিলত আতাই কলে “তোমাৰ ভাতৃয়ে শাস্ত্ৰখন লৈ গল, মোৰ সেৱা
চৰ্চ্চা কৰিবলৈ শাস্ত্ৰ নাইকিয়া হল।” হৰি ভাৰতীয়ে কলে “মোৰ ঘৰত
ৰাজসুয় শাস্ত্ৰ এখন আছে মই সেইখনকে দিম।” অলপ পৰৰ পিছত
তাকে আনিবলৈ লোক পঠিয়াই দিব।” সেই কথা মতে আতাই হৰি
ভাৰতীৰ ঘৰৰপৰা শাস্ত্ৰখন আনি ভাবিলে “আকাঙ্খী বিপ্ৰৰ মন বুজিব
নোৱাৰি, আকৌ কেতিয়াবা পুথিখন লৈ যাব, এতেকে ইয়াৰ নকল কৰি
লেখি ৰাখিব লাগে।” এই বুলি তেওঁ শাস্ত্ৰখন লেখি ৰাখিবলৈ পাত মহী
যুগুত কৰিবলৈ ধৰিলে।
ভাটকুচি আতাই অৰ্থাৎ কেশৱচৰণে গুৰুজনৰ বাক্যমতে উজান দেশলৈ আহি দেৱগোপাল অৰ্থাৎ বংশীগোগালৰ থান পালেহি। বাটত ভাটকুচি আতাৰ কোনো বিপদ হোৱা নাছিল, মাত্ৰ তেওঁ তিনটি ভয় পাইছিল-- এটি এটা খটৰপৰা, এটি এটা হাতীৰ আৰু আনটি এটা মহৰপৰা। বংশী গোপালদেৱক ভাটকুচি আতাই গুৰুজনৰ আজ্ঞা জনাই নাও দিব লাগে বুলি কলত বংশীগোপলে দিম বুলি স্বীকাৰ কৰিলে। তেওঁ আতাৰ নামঘৰতে ভোজন কবিলৈ দিহা কৰাই দিলত, আতাই চাউল সিজাইছে, ভাত থক্ বক্ কৈ উতলিছে, এনেতে তেওঁ ভিতৰৰপৰা ইকৰাৰ বেৰৰ বিন্ধাইলিদেখিলে আৰু শুনিলে,দেৱ গোপালৰ চাৰিজন ভকতে আহি দেৱ গোপালৰ ওচৰত বহি কোন কৰপৰা আহিল, বুলি ভাটকুচি আতাৰ কথা তেওঁক শুধিলত, দেৱগোপলে তেওঁলোকক কলে, “শুৰুজনৰ আজ্ঞা হৈছে, নাও পঠিয়াই দিবলৈ।” ভকত কেইজনে কলে “তেনেহলে আপুনি জেলোঙা