পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪২
শীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


তেওঁৰ নাম “লৱৰনাতি গোঁসাই” বুলি শ্ৰদ্ধা ভক্তিৰে উল্লেখ কৰিবলৈ ধৰিলে।

 এই হৰিপুখুৰী পাৰত থাকোঁতেই বাসুদেৱ ব্ৰাহ্মণৰ পুত্ৰ হৰি আতৈ তেওঁৰ ভ্ৰাতৃৰে সৈতে পদ্ম আতাৰ লগত থাকেহি। হৰি আতৈক পাই বদুলা আতাই আনন্দ কৰি কলে “আজি মই দৃশ্য হৰিক পালোঁ।” জয় ভাৰতীৰপৰা এখন ৰত্নাৱলী শাস্ত্ৰ খুজি আনি সেইখনকে আগত ৰাখি পদ্ম আতাই পুৱা গধুলি পাঠ আৰু প্ৰসঙ্গ কৰে, আৰু ওচৰচুবুৰীয়া লোক গধুলি আহি সেই নামত বহে। চৰিত্ৰত আছে, এটা বাঘেও নিতৌ ওচৰতে বহি সেই প্ৰসঙ্গ শুনে দেখি প্ৰসঙ্গ শুনিবলৈ অহা লোকসকলে ভয় পোৱাৰ নিমিত্তে আতাই বাঘক দূৰ কৰি দিলে। সেই সময়ত দেশত দুৰ্ভিক্ষ হোৱা বাবে অনেক লোকৰ কষ্ট হৈছিল। এদিন তিনটা ভিক্ষুকে কতো ভিক্ষা নাপাই লৱৰনাতি গোসাঁইৰ ঘৰৰ আগতে ৰৈ ভাবিলে যদি আমি ইয়াতে কেনেবাকৈ কিবা ভিক্ষা পাওঁ! ভিক্ষুক কেইটা তিন দিন ভিক্ষা নাপাই অনাহাৰত আছিল। এটা ভিক্ষুকে লগৰ দুটাক বাটৰ মুখতে এৰি আহি লৱৰনাতি গোসাঁইক ভিক্ষা খুজিলে। তেওঁৰ হাতত সেই দিনা মুঠেই একঠা চাউল আছিল, তাকে তেওঁ ধুই নিজৰ ভোজনৰ নিমিত্তে চৰুত বহাবলৈ উদ্যত কৰোঁতেই এই ভিক্ষুক ওলালহি। তেওঁ তেতিয়াই সেই খোৱা চাউলৰ এপোহা মগনিয়াৰটোক দিলে। মগনিয়াৰটোৱে চাউল লৈ উভতি গৈ তাৰ লগৰীয়া দুটাৰ কাষ পালতে সি ভিক্ষা পোৱা দেখি লগীয়া দুটাৰ এটাই লৱৰনাতি গোসাঁইৰ ওচৰ পাই ভিক্ষা মাগিলে। তেওঁ বাকী চাউলৰ এপোহা তাক দিলত, তাক ভিক্ষা পাই উভতি অহা দেখি তৃতীয়টোৱেও আতাৰ ওচৰলৈ গৈ ভিক্ষা মাগিলে। আতাই তেওঁৰ বাকী চাউল পোহাও তাক দি ঈশ্বৰৰ নাৰ গুণ লৈ সেইদিনা অনাহাৰে থাকিল।

 কেহোঁ খাঁ নামে এজনে এদিন ঘোৰাত উঠি আতাৰ ঘৰৰ আগেদি যাওঁতে আতাই মলা জপি থকা দেখি আতাক উপহাস কৰি গল। কিছু দূৰ গৈয়ে কেহোঁখাৰ গাত তিৰ্ কপে জ্বৰ উঠিল আৰু গোটেই গা তেওঁ বিষত লৰাৰ নোৱাৰা হল। কোনোমতে তেওঁ ঘৰলৈ উভতি আহিলত, তেওঁৰ ভাৰ্যাই তেনে হোৱা দেখি তেওঁক সকলো ৰচনাৰ আগ গুৰি তৰি