আপদৰ হাত সাৰিলে। মোহিনীৰ ৰূপত মুগ্ধ হৈ শিৱই মোহিনীৰ পিছে
পিছে দ্বীপ দ্বীপান্তৰ ঘুৰি ফুৰিছিল। চৈতন্যৰ মায়াই সকলোকে মোহে;
যি মোহিত হৈ ফুৰে তেৱেঁই নিশ্চয় জড়। এতেকে মহেশ জড়, আৰু
মাধৱ চৈতন্য ঈশ্বৰ।”
এই কথা শুনি ব্ৰাহ্মণসকলে খঙত গুজৰি মাধৱদেৱক কলে “হাৰে মাধৱ! তই শুদ্ৰ হৈ এনে কথা ক! মহেশক জড় বোল! আমি ইমানবোৰ ব্ৰাহ্মণ ইয়াত আছো তই নাজান নে? আমাৰ আগতে ইমান বৰ কথা মাত দেখোন? আজি তই আমাৰ হাতত বিপাঙ্গে মৰিবি।” শাস্ত্ৰৰ যুক্তিৰে বলে নোৱাৰি এইদৰে বামুণসকল ফক্ফকাই উঠা দেখি ৰামচৰণ ঠাকুৰে ককালত কাপোৰ বান্ধি থিয় হৈ আগ বাঢ়ি গৈ কবলৈ ধৰিলে “আহ, তহঁতৰ কাৰ সাহ আছে! শাস্ত্ৰৰ কথা একো নাজান পৰম অজ্ঞানী তহঁত! শাস্ত্ৰ ৰ তৰ্কৰে বলে নোৱাৰি মিছাই ফক্ফকাই উঠিছ।” ৰামচৰণ ঠাকুৰৰ তেনে মুৰ্ক্তি দেখি ব্ৰাহ্মণসকল চেচা পৰি গৈ লাহে লাহে সভাৰপৰা সুৰ- সুৰকৰে আঁতৰি গুচি গল। ইয়াৰ পিছত মাধৱদেৱে বিৰূপাক্ষ কাজীক কলে “মোক নিন্দা কৰি তুমি কি ফল লভিলা? মুৰ্খ এটাক আনি আমাৰ আগত থৈ আপুনি তৎক্ষণাৎ লঘু হলা? তোমাৰ ৰাগত মোৰ কি হব পাৰে? ৰজা থাকোতে মই কালৈকো ভয় নকৰোঁ।” এইদৰে মাধৱদেৱে কোৱাৰ পিছত বিৰূ কাজীয়ে সভা বিসৰ্জন কৰি, তাৰ পিছত মাধৱদেৱৰ হাতত ধৰি কলে “মোৰ ওপৰত তুমি ৰোষ নকৰিবা; মই এটা কথা কওঁ শুনা; তুমি মালাত মেৰু দি লবা।” মাধৱে উত্তৰ দিলে “সি কি হব পাৰে? যি কাৰ্য কৰিবলৈ শাস্ত্ৰ সাধু কোনেও নকয়, সেই কাৰ্য্য মই কিয় কৰিম?” এই বুলি তেওঁ গৃহলৈ গুচি আহিল।
পিছদিনা এই ঘটনাৰ কথা আইধায়ে শুনি ৰজাক জনাই কলে “তুমি ৰজা নে বিৰূ ৰজা ইয়াৰ একো নিৰ্ণয় নাজানিলোঁ।” ৰজা বা-লোৱা চৰাত বহি আছিল। তেওঁ আইধাইৰ মুখে এই কথা শুনি বিৰূ কাজীক মতাই আনি খং কৰি শুধিলে “বিৰূ তই সদায় মাধৱক ভাল বুলি ক, এতিয়া কিয় মাধৱৰ বিপক্ষে চল?” বিৰূৱে ৰজাক কলে “মহাৰাজ, গোটেইখন দেশ মাধৱে নাশ কৰিলে। মাধৱৰ উপদেশ শুনি লোক সদাচাৰী হল। মাধৱে পিতা পুত্ৰৰ ভিতৰত ভেদ উপস্থিত কৰি বিচ্ছেদ ঘটাব লাগিছে।” ৰজাই কলে “বিৰূ, তই মাধৱক বহু দিন পালি, এতিয়াহে