পৰা খেদাব লাগে।” এই বুলি বিৰূপক্ষই পণ্ডিতেৰে সৈতে বাদ কৰোৱাই
মাধৱক হৰুৱাই অপদস্ত কৰি খেদোৱাবৰ দিহা কৰি, বঙ্গদেশী মাধৱ
নামে এজনক আনি, আৰু অনেক কুতৰ্কী ব্ৰাহ্মণক আনি সভা পাতি
তেওঁলোকেৰে সৈতে তৰ্ক কৰি বাদ কৰিবলৈ মাধৱদেৱক নিমন্ত্ৰণ কৰিলে।
মাধৱদেৱে নিমন্ত্ৰণ পাই বিৰূকাজীৰ মতলব বুজি উল্লাসিত মনেৰে সভাত
বহিল গৈ। তেওঁৰ ভকতসকল সভাৰ বাহিৰতে ৰল; মাথোন ৰামচৰণ
ঠাকুৰ আৰু অচ্যুত গুৰুহে তেওঁৰ লগত আছিল। প্ৰকৃতপক্ষে বঙ্গদেশী
মাধৱ নামেৰে লোক জন মহা মূৰ্খ। বিৰূৱে তেওঁক সভাত বৰটো পাতি
বহুৱাই থৈ কুতৰ্কী ব্ৰাহ্মণসকলৰ হতুৱাই মাধৱদেৱৰে সৈতে তৰ্ক লগোৱাই
দি, পাৰে যদি মাধৱদেৱক অপদস্থ কৰিবৰ মতলৰ কৰিছিল। বিৰূ
কাজীয়ে মাধৱদেৱক কলে “শুনা মাধৱ, এইজনৰ নামো মাধৱ; এওঁ
তোমাৰ মিতা; এওঁ বঙ্গদেশৰপৰা তোমাৰে সৈতে বাদ কৰিবলৈ আহিছে।”
মাধৱদেৱে উত্তৰ দিলে “তুমি ভাল কৈছা; তোমাৰ কৃপাত মোৰ আজি
মিত্ৰ লাভ হল।” বিৰূয়ে কলে “এওঁ কয়, মালাত মেৰু আছে। মালাত
মেৰু আছে নে নাই, তুমি উত্তৰ দিয়া।” মাধৱদেৱে উত্তৰ দিলে “গীত,
ভাগৱত, বৃহৎ সহস্ৰনাম আদি শাস্ত্ৰসকলত, মালাত মেৰু দিবলৈ নকয়।
কোন শাস্ত্ৰমতে বঙ্গৰ মাধৱে কৈছে মোক কওক?” বঙ্গৰ মাধৱ জখা মুৰ্খ,
তেওঁ নামাতি মঠ ধৰি মেজিটো যেন হৈ বহি ৰল। ব্ৰাহ্মণসকলে তন্ত্ৰ
মন্ত্ৰ মাতি, মালাত মেৰু দিব লাগে বুলি কলে। মাধৱদেৱে শাস্ত্ৰৰ বচন
উদ্ধাৰ কৰি কলে যি বীজ মন্ত্ৰ জপ কৰে, সেইজনৰ সেই মালাত মেৰু
দিবৰ ব্যৱস্থা আছে; কিন্তু হৰিনামৰ মালা যি ধাৰণ কৰে, সেই মালত
মেৰুৰ কোনো প্ৰয়োজন নাই।” এই বুলি তেওঁ পঞ্চৰাত্ৰৰ শ্লোকবোৰ
সৰ্ সৰ্ কৰে মাতিবলৈ ধৰিলত, বিৰূকাজীৰ মুখ বন্ধ হৈ গল। ব্ৰাহ্মণ-
সকলেও একো উত্তৰ বিচাৰি নাপাই সেই কথা এৰি দি, শুধিলে “শিৱ
চৈতন্য নে জড়?” মাধৱদেৱে উত্তৰ দিলে “শিৱ জড়, চৈতন্য নহয়।”
এই কথা কোৱা মাত্ৰকতে ব্ৰাহ্মণসকলে হাই কৰি গিৰ্জ্জনি মাৰি উঠিল;
আৰু বিৰূপাক্ষই ক্ৰোধত অন্ধকাৰ দেখি মাধৱদেৱক শুধিলে “তুমি শিৱক
কিয় জড় বুলিলা, বুজাই কোৱাঁ”। মাধৱদেৱে ধীৰভাৱে কলে ‘শাস্ত্ৰসকল
বিচাৰি চোৱাঁ দেখিবা; বিশেষকৈ শ্ৰীমদ্ভাগৱতত প্ৰকট হৈ আছে, যে
শিৱই বৃকাসুৰৰ ভয়ত তিনিউ ত্ৰৈলোক্য ঘূৰি পিছত বিষ্ণুৰ প্ৰসাদত সেই
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৪৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ