পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


শুধি, ৰামচৰণে কীৰ্ত্তন পুথিখন বিজয়পুৰত এৰি অহা শুনি, তেতিয়াই চাৰিজন ভকতক বিজয়পুৰলৈ পঠিয়াই দি পুথিখন অনালে। পুথিখন মাধৱদেৱে পাই, পূৰ্ব্বাপৰ সকলোখিনি চাই যেতিয়া দেখিলে যে যত যি থাকিব লাগে সেইদৰেই ৰামচৰণে তাক গোটাই ৰাখিছে, তেওঁ মহা আনন্দত ৰামচৰণক প্ৰশংসা কৰিবলৈ ধৰিলে। তেওঁ আকৌ শাস্ত্ৰখন এবাৰ চাই, ৰামচৰণক কলে বাপু, পুথিখনিত সকলো আছে, কিন্তু ৰুক্মিণীদেৱীৰ প্ৰেমৰ কলহটি নাই।” ৰামচৰণে কলে “তাক মই বিচাৰি নাপালোঁ।” মাধৱদেৱে কলে “নাপাব পাৰা, সি যি ঠাইলৈ যাব লাগে গল।” এই বুলি তেওঁ পুথিখন অতি ভক্তি ভাৱে থোৱাই দিয়ালে।

 ইয়াৰ পিছত এদিন মাধৱদেৱে ৰামচৰণক শুধিলে ‘বাপু, তুমি মোৰ লগত থাকিৰৰ ইচ্ছা কৰা নে?” ৰামচৰণে কলে “মামা, মোৰ পিতৃ বৰ বুঢ়া হল।” এই কথা শুনি মাধৱদেৱে হাঁহি ভাগিনিয়েকক কলে “তোমাৰ পিতৃ আৰু দহ বছৰ জীয়াই থাকিব। মোৰ লগত তুমি আঠ-দহ মাহ মাত্ৰ থাকিব লাগিব।” এই কথা শুনি ৰামচৰণ মোমায়েকৰ লগতে  থাকিল।

 বিৰূপাক্ষ কাজী আৰু আইধায়ে সদায় ৰজাৰ আগত মাধৱদেৱৰ গুণশীলৰ বিষয়ে কৈ থাকে। এদিন ৰজাই আদেশ কৰিলে যে তেওঁৰ ওচৰলৈ মাধৱদেৱ আহিব লাগে। তাৰ আদেশ শুনি মাধৱদেৱে ৰজাক সাক্ষাৎ কৰিলত, ৰজাই সমাদৰ কৰি তেওঁক বহুৱাই শাস্ত্ৰৰ আলাপ কৰি মহা সন্তোষ পালে। ইয়াৰ পিছত ৰজাৰ আদেশ মতে মাধৱদেৱে পাঁচ দিন সাত দিনৰ অন্তৰে অন্তৰে ৰজাৰ পাশলৈ যাবলৈ ধৰিলে।

 এইদৰে কিছুদিন যোৱাৰ পিছত এদিন এটা দুৰ্ঘটনা ঘটিল। বিৰূপাক্ষৰ দুজন পুতেকে মাধৱদেৱৰ ওচৰত শৰণ লৈ ধৰ্ম্মক ধৰিলে। এদিন বিৰূপাক্ষই ভাত খাওঁতে, তেওঁৰ পুতেক দুটিক ওচৰতে বহি ভাত খাবলৈ মাতিলত, পুতেকহঁতে বাপেকক কলে “পিতা, আমি তোমাৰ ওচৰত ভাত খাব নোৱাৰোঁ; আমি মাধৱদেৱৰ ধৰ্ম্মক ধৰিছো, তুমি ধৰা নাই।” এই কথা শুনি বিৰূপাক্ষ খংত জ্বলি উঠিল। তেওঁ কলে দেখা, মাধৱৰ কাৰ্য্য। পিতা পুত্ৰকো বিচ্ছেদ কৰিলে। এতিয়া মই বেছ বুজিলোঁ যে মাধৱ আহি আমাৰ ৰাজ্যত কলি স্বৰূপ হৈ সোমালহি। এই কলিক ইয়াৰ