হৰিহৰ আতাই শোৱাচাঙতে বহি তাতে চপৰািই বাদ্য বজাই তেওঁৰ
ভাৰ্য্যা ক নাচিবলৈ কৈ নচুৱায়। এই কথা ভু পাই সেৱকসকলে মাধৱদেৱক
জনালত, মাধৱদেৱে কলে “হৰিহৰে মায়াক নচুৱায়। গুণৱতী মায়াই
সকলোকে নচুৱায়, সেই মায়াকে হৰিহৰে নচুৱাব লাগিছে।” চতৰ বিহুৰ
সময় আহিল। হৰিহৰ আতৰ ভাৰ্য্যাক তেওঁৰ পিতা-মাতাই নিজৰ ঘৰলৈ
আনিব খুজিলত, হৰিহৰে ভাৰ্য্যাক বাপেক মাকৰ ঘৰত পকান্ন সিদ্ধান্ন
খাবলৈ নিষেধ কৰি পঠিয়ালে। তেওঁ নেখাওঁ বুলি প্ৰতিজ্ঞা কৰি মাক-
বাপেকৰ ঘৰলৈ গল। কিন্তু মাকে বৰকৈ ৰেপি ৰেপি ধৰিলত তেওঁ এৰাব
নোৱাৰি পিঠা এখনৰ এভোখৰ মুখত দিলে। ঠিক তেনে সময়তে হৰিহৰে
আহি বাহিৰৰপৰা ভাৰ্য্যা কলে “তই মোৰ বাক্য নামানিলি। পৰবশ
হৈ ভজা পিঠা খালি। এতেকে তই ইয়াতে থাক, আৰু তোক মোক
নালাগে।” এই কথা কৈয়েই হৰিহৰ গুচি আহিল। মাক বাপেক আৰু
ভাৰ্য্যাই কত বিনয় কৰিলে, কত প্ৰাৰ্থনা কৰিলে, তথাপি হৰিহৰে নুশুনি
ভাৰ্য্যাৰ অলঙ্কৰ কাপোৰ আদি সকলো বস্তু বাপেক মাকক ওভোতাই দি,
তেতিয়াই সেই ঘৰ বাৰী আৰু ভাৰ্য্যা ক পৰিহাৰ কৰি গুচি গল। এই
কথা মাধৱদেৱে শুনি কলে “যেয়ে সেয়ে হৰিহৰৰ নিচিনাকৈ নৱ নাৰী
নৱ বাৰী এৰিব নোৱাৰে।” হৰিহৰে ঘৰ বাৰী ভাৰ্য্যা কুটুম্ব পৰিত্যাগ
কৰি বালক সকলেৰে সৈতে হৰিনাম গাই ঘুৰি ফুৰিবলৈ ধৰিলে।
হৰিদাস বণিয়া শ্ৰীশঙ্কৰদেৱৰ শিষ্য। এদিন ভকতসকলে মাধৱদেৱক কলে “হৰিদাসৰ মতি গতি বৰ ভাল নহয়, তেওঁ আপোনাক বিশেষ সমাদৰ আৰু ভকতি নকৰে।” মাধৱদেৱে হৰিদাসক বেছকৈ জানে দেখি সেই কথাত প্ৰত্যয় নকৰিলে। তথাপি ভকতসকলে সেই কথা কেইবাবাৰো কোৱা দেখি তেওঁ তেওঁলোকৰ কথা যে ভুল তাৰ প্ৰমাণ দেখুৱাবলৈ হৰিদাস বণিয়াক কলে “হৰিদাস, তোমাৰ দ্ৰব্য বস্তু সকলো আমাত সমৰ্পণ কৰা।” তেওঁ উত্তৰ দিলে “বাপ, মোক মোৰ গৃহলৈ যাবলৈ অনুমতি কৰক, এতিয়াই মই সকলোকে আনি দিম।” এই বুলি বণিয়াই সেই কথা তেওঁৰ গৃহিণীক কলত গৃহিণীয়ে কলে “আমাৰ কি সৌভাগ্য উদয় হল, গুৰু ঈশ্বৰে আমাৰ যথাসৰ্ব্বস্ব গ্ৰহণ কৰিব খুজিছে; বিলম্ব নকৰি তুমি এতিয়াই সকলো ধন বস্তু লৈ গৈ সেৱকেৰে সৈতে গুৰুজনৰ চৰণত সমৰ্পণ কৰা গৈ।” গৃহিণীৰ এই কথা শুনি বণিয়াৰ সন্তোষিত মনেৰে তেতিয়াই তেওঁৰ দ্ৰব্য