কলে তুমি কীৰ্ত্তন ঘৰৰ বাহিৰত থাকি পাঠ শ্ৰৱণ কৰিবা। এই আজ্ঞা
শুনি হৰিহৰে নিজৰ দ্ৰব্য বস্তু লৈ মৰিচবাৰীত ঘৰ সাজি থাকিল। হৰিহৰ
যাবৰ সময়ত ভকতসকলে খেদ কৰিবলৈ ধৰিলে আৰু মাধৱদেৱে এই
গীতটি ৰচনা কৰি গালে,-
“হৰিহৰ ৰে বাপ পশিলো শৰণে।
নেৰিবা বান্ধৱ মোক জীৱনে মৰণে॥
সনক সনন্দ যোগী যাহাক ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়॥
সহ্স্ৰ বয়নে যাৰ নাপাৱন্ত সীমা।
অধমে জানিবোঁ কেনে তোমাৰ মহিমা॥
আতুৰ ভৈলোঁহো মই বিষয় বিকলে।
কৰিও উদ্ধাৰ হৰি চৰণ কমলে॥
তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকতজনৰ নিজ তুমিসে জীৱন॥
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।
কাতৰ কৰিয়া লৈলোঁ শৰণ তোমাৰ॥
কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।
কহয় মাধৱ হৰি দাসকুদাস॥”
হৰিহৰ আতাই মৰিচবাৰীত কিছুদিন থাকি, তাৰপৰা জিকাপুলি নামে ঠাইলৈ গল। তাৰপৰা তেওঁ গৈ এটাৰ পিছত এটা এটাকৈ নাগৰখানা, কুজবৰ, বেথাই, পদ্মপাণি, এইবোৰ ভেটিত থাকি, তাৰ পিছত কানাই সতৰীয়াৰ ঘৰৰ ওচৰত ঘৰ কৰি ৰল। কানাই সতৰীয়াৰ এটি সুচৰিত্ৰা কন্যা আছিল। কন্যাটি মাজেসময়ে আতাৰ গৃহলৈ আহে। এদিন হৰিহৰ আতাই কন্যাটিক কলে “তোমাক মই বিবাহ কৰাম।” এই কথা শুনি কন্যাটীয়ে গৈ মাকক কলে যে তেওঁ আৰু আতাৰ ঘৰলৈ নাযায়, কাৰণ আতাই তেওঁক অন্যায় কথা কয়। মাকে জীয়েকক কলে, “আই, তই বিমন নহবি; এই বাৰো যদি তেওঁ তোক তেনে কথা কয়, তেন্তে তই তেওঁত বিয়া সোমাবি বুলি স্বীকাৰ কৰিবি।” ইয়াৰ পিছত হৰিহৰ আতাৰে সৈতে কন্যাটীৰ বিবাহ হল। হৰিহৰে শাহুৰেক কানাই সতৰীয়াৰ পৰা মাটি এডোখৰ খুজি লৈ তাতে সুন্দৰকৈ ঘৰ-বাৰী সাৰি থাকিল।