মাধৱদেৱক সেই কথা কলত, মাধৱদেৱে শ্ৰীৰামক মতাই আনি কলে “শ্ৰীৰাম,
তুমিও শৰাধ-বিধি কৰিব লাগিল। গুৰুৰ আজ্ঞা মানি শ্ৰীৰামে শৰাধ
পাতিলে। ৰামৰাম গুৰু পুৰোহিত হল। শ্ৰীৰাম নতুন বস্ত্ৰ পৰিধান
কৰি শৰাধত বহিল। ৰামৰাম গুৰুৱে শ্ৰাদ্ধৰ মন্ত্ৰ শ্ৰীৰামক মতাবলৈ ধৰিলে,-
“বিষ্ণু বিষ্ণু মাধৱ মাধৱো জয় যজ্ঞেশ্বৰো হৰি।” মন্ত্ৰ মাতি থাকোঁতেই
শ্ৰীৰাম প্ৰেমত মজিল। “অ মোৰ মাধৱ বান্ধৱো এই শৰাধতে আছে।
হায় হায় মই কি অকৰ্ম্ম কৰিছিলোঁ। এনে শৰাধ কিয় মই আগেয়ে কৰা
নাছিলোঁ!” এই বুলি তেওঁ প্ৰেমভৰত ক্ৰন্দন কৰি বাগৰি ফুৰিবলৈ ধৰিলে।
শৰাধৰ দ্ৰব্যবস্তুৰে সৈতে খোল পটুৱা দুৰ্ব্বা ফুল তুলসী ইত্যাদি সকলোবোৰ
জোল হল। ৰামৰাম গুৰুৱে শৰাধটো এইদৰে সাং হোৱা দেখি উঠি আহি
মাধৱদেৱক সেই কথা জনালত, মাধৱদেৱে শ্ৰীৰামক মতাই নিয়াই, তেনেকৈ
শৰাধৰ বিসঙ্গতি তেওঁ কিয় কৰিলে বুলি শুধিলত, শ্ৰীৰামে কলে “বাপ,
শ্ৰাদ্ধত মই আপোনাক পালো; পাই মনত বৰ শোক লাগিল যে ইয়াৰ
আগেয়ে অতকাল মই অধমে এনে শ্ৰাদ্ধ কিয় কৰা নাছিলো। বাপ, এনেকৈ
মোৰ মনলৈ ভাব আহিলতে শ্ৰাদ্ধৰ বিসঙ্গতি ঘটিল, মইদুৰ্ভগীয়াই শ্ৰাদ্ধটো
কৰিবলৈ নাপালো। বাপ, চৰণত পৰি কাকুতি কৰিছোঁ, দাসৰ অপৰাধ
মৰিষণ কৰক।” এই কথা শুনি মাধৱদেৱে ভকতসকলক কলে, “শ্ৰীৰামে
শ্ৰাদ্ধ নকৰাকৈয়ে শ্ৰাদ্ধৰ ফল লাভ কৰিলে। শ্ৰীৰাম পৰম বিৰক্ত ভক্ত,
ব্ৰহ্মময়। নুবুজিহে তেওঁক তোমালোকে শ্ৰাদ্ধ কৰিবলৈ কৈছিলাহঁক।”
কীৰ্তনঘৰত প্ৰসঙ্গত পাঠকে পুথিৰ পাঠ পঢ়ে; হৰিহৰ আতাই আন ভকতসকলেৰে সৈতে শুনি থাকে। কিন্তু প্ৰত্যেক পাঠতে হৰিহৰে অশুদ্ধ ধৰে দেখি এদিন পাঠকে মাধৱদেৱক কলে “বাপ, হৰিহৰ নিমিত্তে পাঠ পঢ়িব নোৱাৰি, পাঠৰ মাজতে অশুধ ধৰি আমনি কৰি থাকে।” পাঠকৰ এই কথা শুনি মাধৱদেৱে হৰিহৰক কলে “তুমি ভকতসকলৰ পিছৰ শাৰীত বহি পাঠ পঢ়া শুনিবা।” সেই দিনাৰপৰা হৰিহৰে সেই দৰে ভকতৰ পিচত বহে হয়, কিন্তু থাকিব নোৱাৰে, তাৰেপৰা পাঠত খুঁত ধৰে। পাঠকে আমনি পাই সেই কথা আকৌ মাধৱদেৱক জনালত, মাধৱদেৱে হবিহুৰক নামঘৰৰ পিৰালিত বহি পাঠ শুনিবলৈ আজ্ঞা কৰিলে। কিন্তু তেওঁপিৰালিৰ পৰাই পাঠৰ সময়ত উচ্পিচাই উঃ আঃ কৰি পাঠৰ বিধিনি কৰে। আকৌ ভকতাকলে এই কথা মাধৱদেৱক কলত, মাধৱদেৱে হৰিহৰ আতাক